নিউজ ডেস্কঃ মেৰাপানীত শোকাবহ ঘটনা।
বিষাক্ত কাঠফুলা ভক্ষণৰ পিছতে অসুস্থ হৈ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই।
মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত বালিগুৰিত সংঘটিত হৈছে এই ঘটনা।
নিহত মহিলাগৰাকীৰ নাম তৰালি বৰ্মন (২২) বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, বিষাক্ত কাঠফুলা ৰান্ধি খোৱাৰ পিছতে দেওবাৰে পুৱা অসুস্থ হৈ পৰে তৰালি বৰ্মনকে ধৰি পৰিয়ালৰ ৪ গৰাকী সদস্য।
কাঠফুলা ভক্ষণৰ পিছত অসুস্থ হৈ পৰা সকলৰ ভিতৰত আছে এটি ৮মহীয়া শিশুও।
প্ৰচণ্ড পেটৰ বিষ, শৌচ আৰু বমিত আক্ৰান্ত পৰিয়ালটোৰ সদস্য কেইজনক লগে লগে মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অৱস্থা অধিক গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক গোলাঘাটলৈ প্ৰেৰণ কৰা হয়।
কিন্তু পৰিয়ালটোৱে কিছু সুস্থ অনুভৱ কৰাত হাস্পতাললৈ নগৈ পুনৰ ঘৰলৈ উভতি আহে।
যাৰ ফলত মৃত্যু ঘটে তৰালি বৰ্মন নামৰ মহিলাগৰাকীৰ।
বিষাক্ত কাঠফুলা ভক্ষণ কৰি এনেদৰে মহিলাগৰাকীৰ অকাল মৃত্যু ঘটাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।









