নিউজ ডেস্কঃ মাত্ৰ ১৫ দিন পূৰ্বে ধুমধামেৰে সম্পন্ন হৈছিল দুয়োৰে বিয়াখন।
পৰিয়ালৰ একমাত্ৰ সন্তান ইন্দ্ৰজিতৰ পত্নীৰূপে শিৰত সেন্দূৰ সানিছিল কল্যাণীয়ে।
বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃৰ সৈতে মন্দিৰলৈ পূজা-অৰ্চনা আগবঢ়াবলৈ ঘৰলৈ আৰু উভতি আহিব নোৱাৰিলে ইন্দ্ৰজিৎ আৰু কল্যানীয়ে।
এক ভয়ংকৰ পথ দুৰ্ঘটনাই নৱ বিবাহিত দম্পতীহালৰ সকলো সপোন নিমিষতে যেন কাঢ়ি লৈ যায়।
কৰ্ণাটকৰ হালুৰৰ সমীপত দেওবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় ২৯ বৰ্ষীয় ইন্দ্ৰজিৎ আৰু ২৪ বৰ্ষীয় কল্যাণীয়ে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ইন্দ্ৰজিতৰ পিতৃ আৰু মাতৃও।
জানিব পৰা মতে, যোৱা ১৮ মাৰ্চত মহাৰাষ্ট্ৰৰ সাংলি জিলাৰ ইছলামপুৰৰ কিষান্নগড়ৰ নিৱাসী ইন্দ্ৰজিৎ মোহন ধমাংগেৰ সৈতে বিবাহ সম্পন্ন হৈছিল কলহাপুৰ জিলাৰ ইছালকাৰঞ্জীৰ নিৱাসী কল্যানীৰ।
মুম্বাইৰ এটা টিচিএছ কোম্পানীত কৰ্মৰত ইন্দ্ৰজিতৰ বিয়াখন সম্পন্ন হৈছিল অতি আড়ম্বৰপূৰ্ণভাৱে।
বিয়াৰ পিছত দেওবাৰে পুৱা পিতৃ মোহন ধমাংগে আৰু মাতৃ মীনাক্ষী ধমাংগেৰ সৈতে কৰ্ণাটকৰ শংকৰম্ভী মন্দিৰ দৰ্শনৰ বাবে যায় ইন্দ্ৰিজৎ আৰু কল্যানীয়ে।
মন্দিৰ দৰ্শন কৰি তেওঁলোকে বিয়লি ঘৰলৈ উভতি অহাৰ সময়তে হালুৰৰ জাট-জাম্বোটি ঘাইপথত তেওঁলোকৰ বাহনখনে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই ভয়ংকৰ দুৰ্ঘটনাটোত মূৰত আঘাত পাই থিতাতে মৃত্যু ঘটে নৱ বিবাহিত ইন্দ্ৰজিৎ আৰু কল্যাণীৰ।
আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ইন্দ্ৰজিতৰ পিতৃ-মাতৃক পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰি ইছলামপুৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱায়।
বিয়াৰ এমাহো নৌহওঁতেই এনেদৰে এহাল নৱ বিবাহিত দম্পতীৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰি ৰাখিছে পৰিয়ালৰ লগতে গোটেই অঞ্চলবাসীক।









