নিউজ ডেস্কঃ এয়া নতুন যুগ। আধুনিক যুগত চিন্তাধাৰাও আধুনিক।
মেখেলা পিন্ধিলে খোজ কাঢ়িবলৈ দিগদাৰ, শাৰী পিন্ধি ঘৰুৱা কাম কৰিব নোৱাৰি আদি বিভিন্ন কাৰণ আৰু অজুহাত এতিয়া ভাৰতীয় মহিলাই পৰম্পৰাগত সাজযোৰ এৰি পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ধাৱমান হোৱা দেখিবলৈ পোৱা যায়।
ইনষ্টাগ্ৰামৰ ৰীলৰ ভিডিঅ’ৰ পৰা ৰাজপথলৈকে সকলোতে এতিয়া জিন্স-টপ অথবা চুটি কাপোৰতেই দেখিবলৈ পোৱা যায় অধিকাংশ মহিলাক।
এয়া সময়ৰ পৰিৱৰ্তন বুলি মানি ল’লেও শাৰীতো যে খেল খেলিব পাৰি সেই কথাই প্ৰমাণ কৰি দেখুৱালে একাংশ মহিলাই।
মধ্যপ্ৰদেশৰ গোৱালিয়ৰত আয়োজিত মহিলাৰ এক ফুটবল প্ৰতিযোগিতাত শাৰী পিন্ধি ক্ৰীড়াংগণত নামিল এদল মহিলা।
म्हारी महिलायें क्या #मेसी से कम हैं.. ग्वालियर में महिलाओं ने साड़ी वेशभूषा में फुटबॉल खेली। pic.twitter.com/Hi6PmTJp2i
— Brajesh Rajput (@brajeshabpnews) March 27, 2023
সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ভাৰতীয় সংস্কৃতি ধৰি ৰাখি ফুটবল যুদ্ধত অৱতীৰ্ণ হোৱা মহিলাৰ দলটোৰ ভিডিঅ’।
দৰাচলতে গোৱালিয়ৰত মহিলাসকলৰ মাজত অনুষ্ঠিত হৈছিল ‘গ’ল ইন শাৰী’ শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ।
এই প্ৰতিযোগিতাত ৮টা মহিলাৰ দৰে অংশগ্ৰহণ কৰে আৰু শাৰী পিন্ধি ফুটবল খেলে।
শাৰী পিন্ধি মহিলাই খেলা এই খেলখন উপভোগ কৰিবলৈ খেলপথাৰৰ চৌদিশে অলেখ লোক উপস্থিত থকাও পৰিলক্ষিত হয়।









