ৰাজ্যত পুনৰ গঁড় হত্যাৰ ঘটনা৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত এটা গঁড় হত্যা কৰিলে চোৰাংচিকাৰীয়ে৷
গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও চোৰাংচিকাৰী।
বাগৰিৰ কাঠপৰা বন শিবিৰৰ বৰমাৰ বিলত উদ্ধাৰ খৰ্গবিহীন মৃত গঁড়টো৷
দেওবাৰে বন বিভাগে উদ্ধাৰ কৰে খৰ্গবিহীন মৃত গঁড়টো৷
প্ৰায় ৬-৭ দিন পূৰ্বে গঁড়টো হত্যাৰ কৰাৰ সন্দেহ উদ্যান কৰ্তৃপক্ষৰ।
উল্লেখ্য যে, বিগত ৪ বছৰৰ পাছত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা।
২০১৯ চনৰ পৰা বাগৰি, বুঢ়াপাহাৰ ৰেঞ্জত হোৱা নাছিল গঁড় হত্যা।
ইতিমধ্যে বন বিভাগ, আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।
ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পূৰ্বে সংঘটিত হৈছে এই গঁড় হত্যাৰ ঘটনা।









