অসমীয়াঅসম

ৰহস্যজনক! ককায়েকৰ সৈতে ট্ৰাকৰ হেণ্ডিমেন হিচাপে কাম কৰিবলৈ গৈ এমাহ ধৰি সন্ধানহীন দুধনৈৰ টনী…

নিউজ ডেস্কঃ সম্পৰ্কীয় ককায়েকৰ সৈতে কাম কৰিবলৈ গৈ ঘৰলৈ আকৌ ঘূৰি নাহিল এজন ২০ বৰ্ষীয় যুৱক।

দুধনৈৰ কোচপাৰাৰ নিৱাসী যুৱকজন সন্ধানহীন হৈ থকাৰ ঘটনাই হাহাকাৰ লগাইছে পৰিয়ালত।

সমান্তৰালভাৱে এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, কোচপাৰাৰ নিৱাসী ৰমেন কোচৰ পুত্ৰ টনী কোচ ওৰফে সঞ্জীৱে ১৯ ফেব্ৰুৱাৰীত ট্ৰাক চালক দিগন্ত কোচ নামৰ এজন সম্পৰ্কীয় ককায়েকৰ সৈতে হেণ্ডিমেন হিচাপে কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যায়।

পিছত গুৱাহাটীৰ পৰা অৰুণাচলৰ বান্দৰদেৱালৈ ট্ৰাকেৰে সামগ্ৰী কঢ়িয়াই নিয়ে টনী আৰু দিগন্তই।

তাৰ পৰা ওভতাৰ পথতে এটা তেল ডিপুৰ ওচৰত ট্ৰাকখন ৰখাই টনী কোচক ভাত বনাবলৈ দি গুৱাহাটীলৈ পুনৰ সামগ্ৰী লৈ অহাৰ বাবে এখন চালান কাটিবলৈ যায় দিগন্ত কোচে।

কিন্তু ঘূৰি আহি এৰি থৈ যোৱা স্থানত টনীক দেখি ইফালে সিফালে বিচাৰ খোচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান নাপায় দিগন্ত কোচে।

তিনিদিন ধৰি ভাতৃক বিচাৰি নাপাই অৱশেষত বান্দৰদেৱাত টনীৰ নিৰুদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে দিগন্ত কোচে।

পিছত ঘৰলৈ উভতি আহিও দুধনৈ থানাত পৰিয়ালৰ সৈতে ঘটনা সন্দৰ্ভত অৱগতে কৰে তেওঁ।

জানিব পৰা মতে, অতি দৰিদ্ৰ পৰিয়ালৰ ল’ৰা টনী কোচৰ উপাৰ্জনৰ সামান্য টকা কেইটাৰেই চলি আছিল গোটেই পৰিয়ালটো।

এনে পৰিপ্ৰেক্ষিতত ৰহস্যজনভাৱে যুৱকজন সন্ধানহীন হোৱাৰ ঘটনাই হাহাকাৰ লগাইছে পৰিয়ালটোত।

বিগত এমাহ ধৰি পুত্ৰৰ সন্ধানহীনতাত শোকত ভাগি পৰিছে টনীৰ পিতৃ-মাতৃ।