অসমীয়াঅসম

বগৰী খেতি ৰক্ষাৰ নামত পক্ষীৰ হত্যা যজ্ঞ! জালত আৱদ্ধ হৈ নিতৌ মৃত্যু অলেখ চৰাইৰ…

নিউজ ডেস্কঃ বগৰী খেতিৰ ৰক্ষাৰ নামত গছৰ চাৰিওফালে বেঢ়ি দিয়া জালত আৱদ্ধ হৈ চটবটাই পৰিভ্ৰমী পখীৰ মৃত্যুৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দৰঙত।

দৰং জিলাৰ দলগাঁও, খাৰুপেটীয়া আদি অঞ্চলত খেতিয়কে কৰা বগৰী খেতি খাবলৈ আহে নানান চৰাই-চিৰিকটি।

image 99

এনে কাৰণতে খেতিয়কসকলে নিজে কৰা খেতি ৰক্ষা কৰিবলৈ গছৰ চৌদিশে বেঢ়ি দিয়ে জাল।

আৰু সেই জালতেই আৱদ্ধ নিতৌ অনেক পক্ষীৰ মৃত্যু ঘটা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত।

খেতিয়কৰ লাভৰ বাবে এনেদৰে প্ৰকৃতিৰ সৌন্দৰ্য চৰাইৰ হত্যা কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই সচেতন মহলে।

image 100

কিন্তু তৎসত্বেও বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমীয়ে এনেদৰে প্ৰকৃতিৰ সৌন্দৰ্য চৰাই-চিৰিকতি হত্যা যজ্ঞ বন্ধ কৰাৰ বাবে কৃষকসকলৰ মাজত শীঘ্ৰে সজাগতা সৃষ্টিৰ আহ্বান জনাইছে বন বিভাগক।

image 101

সমান্তৰালভাৱে খেতিপথাৰত লগোৱা জাল উঠাই দিবলৈ বন বিভাগ, কৃষি বিভাগৰ লগতে জিলা প্ৰশাসনক দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সকলে।