নিউজ ডেস্কঃ ভাৰতীয় সংস্কৃতিত নাৰীক কেৱল গৃহিণী ৰখাৰ মানসিকতা বহুতৰে আছে।
অৱশ্যে সময়ৰ লগে লগে এই মানসিকতা বহু পৰিমাণে সলনি হৈছে। এতিয়া ভাৰতীয় নাৰীয়ে আকাশ চুইছে, দেশৰ ৰাষ্ট্ৰপতিৰ দৰে শীৰ্ষ পদত অধিষ্ঠিতও হৈছে।
আজিৰ নাৰী পৰিয়ালৰ দায়িত্ব পালনৰ সমান্তৰালভাৱে ব্যাৱসায়-বাণিজ্য বা কৰ্মৰ সৈতেও সমানেই জড়িত হৈ পৰিছে।
তেনে এগৰাকী নাৰীয়েই হৈছে পশ্চিমবংগৰ তৃণা দাস।

এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা আহি প্ৰথমে টিউটৰ হিচাপে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আজি এশ কোটি টকাৰ ব্যৱসায় চলাবলৈ সক্ষম হৈছে এইগৰাকী ভাৰতীয় নাৰীয়ে।
তৃণা দাসৰ পিতৃও আছিল এগৰাকী ব্যৱসায়ী। পিতৃৰ পদাংক অনুসৰণ কৰিয়েই সৰুৰে পৰাই ব্যাৱসায়ী হোৱাৰ মন মেলিছিল তৃণাইও।
ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত তৃণাই টিউটৰ হিচাপে ল’ৰা-ছোৱালীক শিক্ষাদান কৰিবলৈ আৰম্ভ কৰিছিল।

২০১২ চনত প্ৰথম ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক গণিত আৰু বিজ্ঞান পঢ়ুৱাইছিল তৃণাই। সেই সময়ত তেওঁ মাচুল লৈছিল ৪০০ টকাকৈ।
কিন্তু লাহে লাহে তৃণাৰ এই কোচিং চেণ্টাৰৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰে। এবছৰৰ ভিতৰতে তেওঁৰ কোচিং চেণ্টাৰত ১৮০০ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে।
তৃণাই তেওঁৰ কোচিং চেণ্টাৰৰ নাম ৰাখে ‘বি জিনিয়াছ’।
অতি সোনকালেই তৃণা দাসে ফ্ৰেঞ্জাইজি মডেলৰ জৰিয়তে তেওঁৰ প্ৰশিক্ষক ক্লাছৰ ৮৬টা কেন্দ্ৰ মুকলি কৰিবলৈ সক্ষম হয়।
পৰৱৰ্তী সময়ত তেওঁৰ এই কোচিং ক্লাছ ভাৰতৰ বাহিৰেও ৮ খন দেশলৈ সম্প্ৰসাৰিত হয়। মাত্ৰ তিনি বছৰৰ ভিতৰতে তৃণাই ব্যৱসায় কৰে ৫ কোটি টকাৰ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পৰা অনুদান লাভকে ধৰি অনে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা তৃণাই পিছতে পৰৱৰ্তী সময়ত বিক্ৰী কৰি দিয়ে তেওঁৰ এই ব্যৱসায়।
ইয়াৰ পিছতে ২০১৭ চনত তেওঁৰ দুজন সহ-প্ৰতিষ্ঠাপকৰ সৈতে টেলেণ্ট লেবছ প্ৰাইভেট লিমিটেড আৰম্ভ কৰে।

ই আছিল এটা এইচ আৰ নিযুক্তি প্ৰতিষ্ঠান যিয়ে উদ্যোগসমূহৰ মাজত প্ৰতিভাক নিযুক্তি দিছিল।
কোভিড কাললৈকে এই কোম্পানীটোৱে ব্যৱসায় কৰে প্ৰায় ২০ কোটি টকাৰ।
প্ৰথম লকডাউনৰ সময়ত তৃণা আৰু তেওঁৰ সহযোগী সকলে ব্লু কলাৰ চাকৰিৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰে। কাৰণ সেই সময়ত বহু শ্ৰমিকে চাকৰি হেৰুৱাবলগীয়া হৈছিল আৰু প্ৰতিদিনেই এশৰো অধিক শ্ৰমিকে ফোন কৰি তৃণাক অভিযোগ কৰিছিল।
যাৰ বাবে তৃণাৰ কোম্পানীয়ে গুৰগাঁও আৰু দিল্লী-এনচিআৰৰ কেইবাটাও কোম্পানীক নিৰাপত্তাৰক্ষী, ডেলিভাৰী বয়, অফিচ কৰ্মী আৰু অন্যান্য ব্লু কলাৰ চাকৰিৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰে।
এনেদৰে কোভিড কালৰ পৰা প্ৰায় ৬০০০ শ্ৰমিকক চাকৰিৰ ব্যৱস্থা কৰিবলৈ সক্ষম হয় কোম্পানীটোৱে।

২০২২ চনৰ এপ্ৰিল মাহত তেওঁলোকে কৰ্মচাৰীৰ পৰিৱৰ্তে কোম্পানীসমূহৰ সেৱাত শ্ৰমিক প্ৰদান কৰাৰ সিদ্ধান্ত লয়।
ইয়াৰ অৰ্থ আছিল শ্ৰমিকসকল কোম্পানীটোৰ পে-ৰোলত আছিল। ইয়াৰ ফলত তৃণাই তেওঁলোকৰ কৰ্মচাৰীসকলৰ সৈতে হোৱা অসৎ আচৰণ ৰোধ কৰাত সহায় কৰিছিল। ইয়াৰ ফলত তেওঁলোকক সন্মান আৰু অধিক দৰমহাও পোৱা গৈছিল।
তেওঁলোকে আৰ্বান কোম্পানী মডেল অনুসৰণ কৰিছিল। তেওঁলোকৰ কোম্পানীটোৰ নাম গিগচেইন। শ্ৰমিকসকলকো আপস্কিল কৰে।
আমাজন, পেটিএম, ইউনিপাৰ, আইচিআইচিআই, আৰু হেভেলছ তেওঁলোকৰ ক্লায়েণ্ট বুলি দ্য উইকেণ্ড লিডাৰে প্ৰকাশ কৰিছে।

কোম্পানীটোৰ ব্যৱসায় ১০২ কোটি টকা।
তেওঁলোকৰ ইউ এছ পিয়ে সম্পূৰ্ণ পটভূমি পৰীক্ষা আৰু ভাল যোগাযোগ দক্ষতা থকা শ্ৰমিক নিযুক্তি দি আহিছে। এতিয়া তেওঁলোকৰ ২২ জন পূৰ্ণকালীন কৰ্মচাৰী আছে।
এই শ্ৰমিকসকলকো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি আহিছে কোম্পানীটোৱে।
লগতে চাওকঃ
পিতৃয়ে চলাইছিল অটো ৰিক্সা, কিন্তু আজি পুত্ৰ হ’ল ষ্টাৰ ক্ৰিকেটাৰ! জানক মহম্মদ ছিৰাজৰ সফলতাৰ কাহিনী…











1 thought on “অদম্য নাৰী! ঘৰুৱা শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি আজি এশ কোটি টকাৰ ব্যৱসায়ৰ গৰাকী তৃণা দাস…”
Comments are closed.