অসমীয়াৰাষ্ট্ৰীয়

পিতৃয়ে চলাইছিল অটো ৰিক্সা, কিন্তু আজি পুত্ৰ হ’ল ষ্টাৰ ক্ৰিকেটাৰ! জানক মহম্মদ ছিৰাজৰ সফলতাৰ কাহিনী…

নিউজ ডেস্কঃ কিবা এটা কৰি দেখুওৱাৰ দুৰ্বাৰ বাসনা আৰু কঠোৰ পৰিশ্ৰমে সফলতাৰ বাট মসৃন কৰে।

ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰো সফলতাৰ বাট কোনোপধ্যেই মসৃন নাছিল।

ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলিবলৈ সুযোগ লাভ কৰাটো এসময়ত তেওঁ বাবে আছিল এক অৱাস্তৱ সপোন।

image 83

কিন্তু পিতৃয়ে বিচাৰিছিল- পুত্ৰ ক্ৰীড়াজগতত আগুৱাই যোৱাটো। সেইবাবেই তেওঁ ছিৰাজক ৭ বছৰ বয়সতে টেনিছ খেলিবলৈ আগবঢ়াইছিল।

অৱশ্যে পৰৱৰ্তী সময়ত টেনিছৰ পৰিৱৰ্তে ক্ৰিকেটৰ প্ৰতি আগ্ৰহ জন্মে মহম্মদ ছিৰাজৰ।

এটা সাক্ষাৎকাৰত ক্ৰিকেটাৰগৰাকীয়ে প্ৰকাশ কৰা মতে, তেওঁৰ দেউতাকে পৰিয়াল পোহপাল দিবলৈ অটো ৰিক্সা চলাইছিল।

image 84

অভাৱত জুৰুলা পিতৃ-মাতৃৰ হাতত আনকি এটা ক্ৰিকেট বল কিনি দিয়াৰ সামৰ্থও নাছিল এটা সময়ত।

কিন্তু ছিৰাজক ‘ডাঙৰ মানুহ’ কৰাৰ সপোন দেখা পিতৃয়ে সকলো সম্ভৱ সুবিধা ছিৰাজক দিয়াৰ চেষ্টা চলাইছিল।

image 87

আজি ছিৰাজ সফলতাৰ শিখৰত উপনীত হৈছে।

অৱশ্যে এই সময়ছোৱাত পুত্ৰৰ এই সফলতা চাবলৈ নাই পিতৃ।

image 85

ছিৰাজৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে আকস্মিকভাৱে মৃত্যু ঘটে।

সেই সময়ত কোভিড পৰিস্থিতিৰ বাবে আনকি পিতৃৰ মুখখন শেষবাৰৰ বাবে দেখাৰ সৌভাগ্যও নহ’ল ছিৰাজৰ।

উল্লেখ্য যে, আইপিএলত উৎকৃষ্ট প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল মহম্মদ ছিৰাজে।

image 86

ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলৰ হৈ খেলাৰো সুযোগ পায় যুৱ ক্ৰিকেটাৰগৰাকীয়ে।

ভাৰতীয় দলৰ হৈ খেলি ছিৰাজে ৯ খন টেষ্ট মেচত ৩০ টা উইকেল লাভ কৰাৰ বিপৰীতে ৩খন টি-২০ত ৩টা উইকেট লাভ কৰি ভাৰতীয় ক্ৰিকেট দলত নিজৰ স্থান সুনিশ্চিত কৰিছে।

image 93

লগতে চাওকঃ

অদম্য নাৰী! ঘৰুৱা শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি আজি এশ কোটি টকাৰ ব্যৱসায়ৰ গৰাকী তৃণা দাস…

trina das

One thought on “পিতৃয়ে চলাইছিল অটো ৰিক্সা, কিন্তু আজি পুত্ৰ হ’ল ষ্টাৰ ক্ৰিকেটাৰ! জানক মহম্মদ ছিৰাজৰ সফলতাৰ কাহিনী…”

Comments are closed.