অসমীয়াঅসম

প্ৰৱল শিলাবৃষ্টিত ব্যাহত ডিমা হাছাওৰ জনজীৱন! বিস্তৰ ক্ষতিসাধন…

নিউজ ডেস্কঃ প্ৰৱল শিলাবৃষ্টিত শনিবাৰে ব্যাহত হৈ পৰে ডিমা হাছাওবাসীৰ দৈনন্দিন জীৱন।

শনিবাৰে উমৰাংছ’ অঞ্চলত সংঘটিত প্ৰৱল শিলাবৃষ্টিৰ ফলত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয়।

image 42

অৱশ্যে এই শিলাবৃষ্টিৰ ফলত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে।

image 43

উল্লেখ্য যে, গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ২৪ ঘণ্টালৈ অসম তথা উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত ধুমুহা, বজ্ৰপাত আৰু শিলাবৃষ্টিৰ সতৰ্কবাণী জাৰি কৰিছিল।

image 44

এই সময়ছোৱাত শুকুৰবাৰে মৰাণ, টিংখং, লাহোৱা, লেকাই, নাহকটীয়া আদি অঞ্চলতো শিলাবৃষ্টিৰ ফলত কম-বেছি পৰিমাণে ক্ষতিসাধন হোৱা পৰিলক্ষিত হয়।

image 45

খবৰ অনুসৰি শিলাবৃষ্টিৰ ফলত টিংখাঙৰ ২১খন গাঁৱৰ ২০২টা ঘৰ আৰু লেকাইৰ দুখন গাঁৱৰ ৫টা ঘৰৰ ক্ষতিসাধন হয়।

image 46

শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলক ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

image 47

এটা টুইটযোগে মুখ্যমন্ত্রী শৰ্মাই কয়, “তীব্ৰ শিলাবৃষ্টিৰ বাবে মৰাণ আৰু টিংখং ৰাজহ চক্ৰৰ অধীনৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। মই বিষয়াসকলক নিৰ্দেশ দিছো যে তেওঁলোকে হোৱা ক্ষতিৰ বিশদ মূল্যায়ন কৰক। চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।’’