অসমীয়াৰাষ্ট্ৰীয়

পিতৃয়ে চলায় ৰিক্সা! দৰিদ্ৰতাৰ হেঙাৰ নেওচি প্ৰথম প্ৰচেষ্টাতে UPSCত সফলতা অৰ্জন কৰি পুত্ৰ হ’ল IAS বিষয়া…

নিউজ ডেস্কঃ ভাৰতৰ কঠিন পৰীক্ষা সমূহৰ অন্যতম লোকসেৱা আয়োগৰ পৰীক্ষা।

অসীম অধ্যাৱসায়, একাগ্ৰতা আৰু পৰিশ্ৰমেৰেহে এই পৰীক্ষাত সফলতা অৰ্জন সম্ভৱ।

তেনে অধ্যাৱসায়, পৰিশ্ৰম আৰু ত্যাগেৰেই বাট কাটি আজি এগৰাকী সফল আইএএছ বিষয়া হোৱা গোবিন্দ জয়ছোৱালৰ কাহিনীয়ে প্ৰেৰিত কৰিছে আন বহুজনক।

দৰিদ্ৰতাৰ ওচৰত নতমস্তক নহৈ কেৱল নিজৰ মেধা আৰু উদ্যমৰে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম প্ৰচেষ্টাতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল গোবিন্দ জয়ছোৱালে।

image 35

বৰ্তমান তেওঁ উত্তৰ প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

অৱশ্যে গোবিন্দ জয়ছোৱালৰ পৰিয়াল সদায় দুখীয়া নাছিল!

উত্তৰ প্ৰদেশৰ বাৰানসীৰ নিৱাসী জয়ছোৱালৰ পিতৃ এসময় আছিল এটা ৰিক্সা কোম্পানীৰ মালিক।

৩৫ খন ৰিক্সাৰ অধিকাৰী গোবিন্দ জয়ছোৱালৰ পিতৃয়ে সেই সময়ত এক স্বচন্দ জীৱন প্ৰদান কৰিবলৈ সক্ষম হৈছিল তেওঁৰ সন্তানকো।

image 36

কিন্তু গোবিন্দ জয়ছোৱাল যেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল, সেই সময়তে তেওঁৰ মাতৃ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয়।

মাতৃৰ চিকিৎসাৰ বাবে আধা খিনি ৰিক্সাই বিক্ৰী কৰে পিতৃয়ে। আনকি তেওঁলোকৰ ভেটি মাটি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

কিন্তু তাৰ পিছতো মাতৃৰ জীৱন নাবাচিল!

image 37

মাতৃৰ বিয়োগৰ পিছতে দেউতাকে গোবিন্দ আৰু ৩ ভগ্নীক লগত লৈ বাৰানসীৰ আলাইপুৰাৰ এটা সৰু ঘৰত থাকিবলৈ লয়।

সেয়া আছিল পৰিয়ালটোৰ দৰিদ্ৰতাৰ সৈতে সংগ্ৰামৰ আৰম্ভণি।

image 38

পৰৱৰ্তী সময়ত ৩ কন্যাৰ বিয়াৰ বাবে বাকী থকা ৰিক্সা কেইখন বিক্ৰী কৰি একেবাৰে অভাৱত জুৰুলা হৈ পৰে পিতৃ।

এসয়মৰ ৰিক্সা কোম্পানীৰ মালিক গোবিন্দৰ পিতৃয়ে পেটৰ তাড়নাত নিজেই ৰিক্সা চলাবলৈ বাধ্য হৈছিল। সেই সময়ত তেওঁলোকে বহু দিন কেৱল শুকান ৰুটি খায়েই দিন পাৰ কৰিবলগীয়াও হৈছিল।

image 39

কিন্তু তাৰ পিছতো সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত কোনো দিনেই কম্প্ৰমাইজ কৰা নাছিল পিতৃয়ে।

উছমানপুৰাৰ চৰকাৰী বিদ্যালয়ৰ পৰাই গোবিন্দই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ কাশীত অৱস্থিত হৰিশচন্দ্ৰ বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

২০০৬ চনত গোবিন্দ জয়ছোৱালে ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ দিল্লীলৈ আহে।

image 40

সেই সময়ত পুত্ৰৰ শিক্ষাৰ বাবে ধন পঠিয়াবলৈ ভৰিৰ ঘাঁ আৰু চেপটিক থকাৰ পিছতো দেউতাকে ৰিক্সা চলাইছিল।

আনকি নিজে লঘোনে থাকিও গোবিন্দৰ অধ্যয়নৰ বাবে ধন পঠিয়াইছিল পিতৃয়ে।

পৰিস্থিতি বুজি গোবিন্দইও ল’ৰা-ছোৱালীকেইটাক টিউচন পঢ়াবলৈ আৰম্ভ কৰে।

image 41

টকা ৰাহি কৰিবলৈ তেওঁ চাহ আৰু এবাৰ টিফিনও বন্ধ কৰি দিছিল।

২০০৭ চনত গোবিন্দই ইউ পি এছ চি পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাতে ৪৮ সংখ্যক লাভ কৰি সফলতা অৰ্জন কৰে।