অসমীয়াঅসম

আকৌ ঘোচ কাণ্ড! এইবাৰ ৪৫০০ টকা ঘোচ লৈ একেলগে গ্ৰেপ্তাৰ লাট মণ্ডল, গাঁওবুঢ়া…

নিউজ ডেস্কঃ আকৌ হাত দাঙিলে দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী।

এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত একেলগে লাট মণ্ডল আৰু গাঁওবুঢ়া।

ভূমি মিউটেচনৰ নথি-পত্ৰ প্ৰক্ৰিয়াকৰণৰ বাবে ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল কনক বৰুৱা।

একেলগে গ্ৰেপ্তাৰ কৰা হৈছে কলাইগাঁৱৰ ১নং আমগুৰি গাঁৱৰ গাঁওবুঢ়া দিলীপ বৰাকো।

লাট মণ্ডলে দাবী কৰা ৪৫০০ টকা উৎকোচ গ্ৰহণৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ গাঁওবুঢ়া দিলীপ বৰা।