
শোকাৱহ! বায়েকৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকে, পৰিয়ালত হাহাকাৰ
এক শোকাৱহ পথ দু্ৰ্ঘটনা।
বায়েকৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকে।
ধুবুৰীৰ তামাৰহাটৰ মধ্যপেটলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।
আলোকঝাৰীৰ পৰা তামাৰহাট অভিমুখে বাইকেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত মৃত্যুমুখত পৰে দুই যুৱক।
মৃত দুই যুৱক হৈছে আলোকঝাৰীৰৰ ৰামগোপাল ৰায় আৰু মনভোলা ৰায়।
দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় ৰাম গোপাল নামৰ যুৱকজন।
আনহাতে আনজন যুৱক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুমুখত পৰে।
তামাৰহাটত বায়েকৰ বিয়াৰ বজাৰ কৰিবলৈ ওলাই যাওঁতে এই ঘটনা সংঘটিত হয়।
দুয়োগৰাকী যুৱকৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।





