অসমীয়াঅসম

শিলসাঁকোত নিৰ্মাণ কৰা হ’ব ৰাজ্যৰ সৰ্ববৃহৎ হ্ৰদ! আৰ্হি ফটো শ্বেয়াৰ মুখ্যমন্ত্ৰীৰ…

নিউজ ডেস্কঃ শিলসাঁকোত চৰকাৰে চলোৱা উচ্চেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।

শিলসাঁকোত নিৰ্মাণ কৰা হ’ব ৰাজ্যৰ সৰ্ববৃহৎ হ্ৰদ।

টুইটযোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সৌন্দৰ্যবৰ্ধনৰ লগতে গুৱাহাটী মহানগৰক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই প্ৰকল্প।

image 1

প্ৰকল্পটোৰ আৰ্হি ছবি শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকী কয়- ‘শিলসাঁকোত সোনকালে এটা সৰ্ববৃহৎ হ্ৰদ হ’ব৷ প্ৰস্তাৱিত শিলসাঁকো হ্ৰদৰ এক দৰ্শনীয় মডেল ডিজাইন কৰা হৈছে আৰু ই সৌন্দৰ্য বৰ্ধনৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বান হ্ৰাস কৰিব।’

উল্লেখ্য, শিলসাঁকো বিলৰ চৰকাৰী ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে।

অৱশ্যে এই উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা আবেদনৰ পিছত উচ্চ ন্যায়ালয়ে ৩ মাৰ্চলৈকে উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে।