
মুখ্যমন্ত্ৰীৰ সকিয়নী! বাল্য বিবাহৰ দৰেই ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান…
নিউজ ডেস্কঃ ৰঙালী বিহুৰ পূৰ্বে এইবাৰ ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান।
এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ দৰেই ৰাজ্যত পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলাব চৰকাৰে।
অসমত বিহুৰ সময়ত বিক্ৰী কৰিব নোৱাৰিব পাৱাৰ লুমৰ গামোচা।
পাৱাৰ লুমৰ গামোচা বিক্ৰেতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব চৰকাৰে।
জব্দ কৰা হ’ব এই ধৰণৰ সকলো গামোচা।
উল্লেখ্য যে, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সময়তো বহিঃৰাজ্যত নিৰ্মিত গামোচাৰে অসমৰ বজাৰ ভৰি পৰে।
এনে পৰিপ্ৰেক্ষিতত অসমৰ থলুৱী শিপিনী সকলে তাঁতশালত বোৱা গামোচাৰ চাহিদা কম হৈ পৰা দেখা যায়।
যাৰ বাবে পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অসম চৰকাৰে অভিযান ঘোষণা কৰিছে।





