অসমীয়াঅসম

অখিল গগৈলৈ সাময়িক সকাহ! UAPA গোচৰত অস্থায়ী জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ…

নিউজ ডেস্কঃ ৰাজপথৰ আন্দোলনৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক হোৱা অখিল গগৈলৈ সাময়িক সকাহ উচ্চতম ন্যায়ালয়ৰ।

ইউএপিএ গোচৰত অখিল গগৈৰ অস্থায়ী জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ সন্দৰ্ভত এন আই এয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছিল ইউএপিএৰ গোচৰ।

এই গোচৰ সন্দৰ্ভত এন আই এয়ে কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ।

উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনায় গগৈয়ে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিধায়ক গগৈক উচ্চ ন্যায়ালয়ত হাজিৰ কৰা হ’ব।

ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়াম আৰু পংকজ মিট্টালৰ বিচাৰপীঠে শুকুৰবাৰে বিষয়টো শুনানি গ্ৰহণ কৰিব।

তেতিয়ালৈকে গগৈক জিম্মাত লোৱা নহ’ব বুলি নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

প্ৰণিধানযোগ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু ভাষণ আৰু মাওবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত অখিল গগৈৰ লগতে আন তিনিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

ভাৰতীয় দণ্ডবিধিৰ অধীনত অবৈধ প্ৰতিৰোধ কাৰ্যকলাপ আইন (ইউএপিএ) আৰু দেশদ্ৰোহৰ বাবে (ধাৰা ১২৪এ), ধৰ্মীয় গোটৰ মাজত বিদ্বেষ সৃষ্টি কৰা (ধাৰা ১৫৩এ) আৰু ১৫৩বি (ৰাষ্ট্ৰীয় সংহতিৰ বিৰুদ্ধে বিবৃতি)ৰ বিভিন্ন ধাৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।