অসমীয়াৰাষ্ট্ৰীয়

দুৰ্ঘটনাত পতিত এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাহন! সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা…

নিউজ ডেস্কঃ দুৰ্ঘটনাত পতিত এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাহন।

হাৰিয়ানাৰ পানীপটত দুৰ্ঘটনাত পতিত হয় ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ তথা বিজেপি নেতা বিপ্লৱ দেৱৰ বাহন।

পানীপটৰ জিটি ৰোডত এখন ৰখাই থোৱা বাহনত খুন্দা মাৰে বিজেপি নেতাগৰাকীৰ বাহনখনে।

অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে বিপ্লৱ দেৱ।

image 80

জানিব পৰা মতে, হাৰিয়ানা বিজেপিৰ প্ৰভাৰী বিপ্লৱ দেৱে দিল্লীৰ পৰা চণ্ডীগড় অভিমুখে গৈ থকা সময়ত সমলখা-পানীপট পথত সংঘটিত হয় এই দুৰ্ঘটনা।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই। অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাহনখনৰ কিছু ক্ষতি হয়।