অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ৰে’লপথত থিয় হৈ চেলফি লোৱাৰ সময়তে অঘটন, তীব্ৰবেগী ৰে’লৰ খুন্দাত মৃত্যু ৰাকেশ-গৰিমাৰ…

নিউজ ডেস্কঃ ৰে’লপথত থিয় হৈ চেলফি তুলি থকাৰ সময়তে তীব্ৰবেগী ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এহাল যুৱক-যুৱতীয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ফাতেহাবাদৰ টোহানা অঞ্চলৰ বালিয়ালা হেডত।

শনিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত যুৱক-যুৱতীহালে ৰে’লপথত থিয় হৈ ফটো তুলি থকাৰ সময়তে তীব্ৰবেগী ৰে’লে দুয়োকে খুন্দা মাৰে।

পিছত ৰে’লপথৰ দাঁতিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ দুটা।

নিহত যুৱক-যুৱতীহালক লালাউডা গাঁৱৰ নিৱাসী ৰাকেশ আৰু খানাউৰা গাঁৱৰ গৰিমা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰাকেশ আৰু গৰিমাই বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।

সেই হেতু তেওঁলোকে কাগজ-পত্ৰ সম্পৰ্কীয় কাৰণত শনিবাৰে আহিছিল টোহানালৈ।

অহাৰ পথতে তেওঁলোকে বালিয়ালা হেডত ৰৈ ৰে’লপথৰ ওপৰত ফটো তুলিবলৈ লোৱাৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা গৰিমাৰ মোবাইল ফোন আৰু পাৰ্চ উদ্ধাৰ কৰিছে।