অসমীয়াৰাষ্ট্ৰীয়

দুঃখবৰ! অনুষ্ঠানৰ মাজতে আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত যশস্বী অভিনেতা শ্বাহনৱাজ প্ৰধান, হাস্পতালত শেষ নিশ্বাস ত্যাগ…

নিউজ ডেস্কঃ আন এগৰাকী যশস্বী অভিনেতাৰ আকস্মিক মৃত্যু।

পুনৰ আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এগৰাকী অভিনেতাই।

সৰু পৰ্দাৰ লগতে চলচ্ছিত্ৰ জগতৰ পৰিচিত নাম শ্বাহনৱাজ প্ৰধানৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু।

১৭ ফেব্ৰুৱাৰীত এক অনুষ্ঠানত অংশ লোৱাৰ সময়তে বুকুৰ বিষত আক্ৰান্ত হৈছিল যশস্বী অভিনেতাগৰাকী।

image 76

লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও নিশা চিকিৎসাধীন অৱস্থাতে তেওঁৰ বিয়োগ ঘটে।

মৃ্ত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৫৬ বছৰ।

উল্লেখ্য যে, আশীৰ দশকত শ্বাহনৱাজ প্ৰধানে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

যোৱা বছৰৰ অক্টোবৰ মাহত তেওঁৰ ছবি ‘মিড ডে মিল’ মুক্তি পাইছিল।

image 75

জনপ্ৰিয় ৱেব ছিৰিজ মিৰ্জাপুৰৰ তৃতীয় ছিজনতো তেওঁক দেখা যাব। শেহতীয়াকৈ ইয়াৰ শ্বুটিং সম্পূৰ্ণ হৈছে।

এই ধাৰাবাহিকখনত শ্বাহনৱাজে গুড্ডু ভাইয়া (আলী ফজল)ৰ শহুৰেকৰ চৰিত্ৰত অভিনয় কৰিছিল।

ইয়াৰ উপৰিও শ্বাহনৱাজে ব্যুমকেশ বক্সি, টোটা ৱেডছ মেইনা আৰু শ্বাহৰুখ খানৰ ৰায়েছ, ছৈফ আলী খানৰ ফেণ্টম ছবিতো কাম কৰিছিল।