আন এগৰাকী ভাৰতীয় মূলৰ ব্যক্তিৰ বিশ্ব জয়ৰ যাত্ৰা! ইউটিউবৰ CEO হিচাপে দায়িত্ব গ্ৰহণ নীল মোহনৰ…

নিউজ ডেস্কঃ সত্য নাডেলা, সুন্দৰ পিচাইৰ দৰে ভাৰতীয়ৰ পিছত পুনৰ এবাৰ বিশ্বৰ অন্যতম আন এক ব্যৱহৃত সামাজিক মাধ্যম ইউটিউবৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত হ’ল ভাৰতীয় বংশোদ্ভূতৰ এগৰাকী ব্যক্তি।

বৃহস্পতিবাৰে ইউটিউবৰ মুখ্য কাৰ্যবাহী বিষয়া চুজান ৱ’জচিকিয়ে পদত্যাগ কৰাৰ পিছত ইউটিউবৰ এই শীৰ্ষ দায়িত্ব লাভ কৰে ভাৰতীয় মূলৰ নীল মোহনে।

উল্লেখ্য যে, ৱ’জচিকিৰ গেৰেজতেই ইউটিউবৰ মূল কোম্পানী গুগলে প্ৰথম আৰম্ভ কৰিছিল।

প্ৰণিধানযোগ্য যে, ষ্টেনফৰ্ডৰ স্নাতক নীল মোহনে ২০০৮ চনত গুগলত যোগদান কৰে আৰু ইউটিউব শ্বৰ্টছ এণ্ড মিউজিকৰ সৈতে জড়িত হৈ ইউটিউবৰ মুখ্য প্ৰডাক্ট অফিচাৰ হিচাপে কাম কৰিবলৈ লয়।

image 67
আন এগৰাকী ভাৰতীয় মূলৰ ব্যক্তিৰ বিশ্ব জয়ৰ যাত্ৰা! ইউটিউবৰ CEO হিচাপে দায়িত্ব গ্ৰহণ নীল মোহনৰ… 2

তেওঁ মাইক্ৰ’ছফ্টৰ সৈতেও কাম কৰিছে আৰু ব্যক্তিগত ষ্টাইলিং কোম্পানী ষ্টিচ ফিক্স আৰু জিনমিক্স আৰু বায়’টেকন’লজী কোম্পানী ২৩এণ্ডমিৰ ব’ৰ্ডত বহিছে। তেওঁ আমেৰিকাৰ স্বতন্ত্ৰ থিংক টেংক কাউন্সিল অন ফৰেইন ৰিলেচনৰ সদস্যও।

চাৰি বছৰীয়া বিজ্ঞান স্নাতক ডিগ্ৰী লাভ কৰি ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰাৰ পিছত মোহনে ২০০০ চনৰ আৰম্ভণিতে বিশ্ববিদ্যালয়খনৰ গ্ৰেজুৱেট স্কুল অৱ বিজনেছত এম বি এৰ বাবে নামভৰ্তি কৰে।

বহু বছৰ ধৰি তেওঁ ডাবলক্লিক নামৰ ইণ্টাৰনেট বিজ্ঞাপন কোম্পানী এটাৰ অংশ আছিল নীল মোহন।

২০০৭ চনত গুগলৰ অধিগ্ৰহণৰ লগে লগে তেওঁ টেক জায়ান্টটোৰ অংশ হৈ পৰে, আৰু পিছলৈ ডিছপ্লে আৰু ভিডিঅ’ এডছৰ জ্যেষ্ঠ উপাধ্যক্ষ হয়।

ফাষ্ট কোম্পানীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৫ চনত মুখ্য প্ৰডাক্ট অফিচাৰ হোৱাৰ পিছত মোহনে ইউটিউবৰ অন্যান্য বৃহৎ প্ৰডাক্টসমূহৰ তদাৰক আৰু মুকলিত ভূমিকা গ্ৰহণ কৰিছে।

২০১৩ চনৰ বিজনেছ ইনচাইডাৰৰ প্ৰতিবেদন অনুসৰি এবাৰ তেওঁক টুইটাৰত মুখ্য প্ৰডাক্ট অফিচাৰৰ পদৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও গুগলে তেওঁক থাকিবলৈ প্ৰায় ১০ কোটি ডলাৰ ব্যয় কৰিছিল।