অসম

কাতি বিহুৰ নিশাই অসম-অৰুণাচল সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড, জুইত ভস্মীভূত বাসগৃহ…

কাতি বিহুৰ দিনাই অসম-অৰুণাচল সীমান্তত অঘটন।

নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ চাৰিআলিত অগ্নিকাণ্ড।

ৰামপুৰ চাৰিআলিৰ বিতু দুৱৰা নামৰ এগৰাকী লোকৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বিতু দুৱৰাৰ বাসগৃহটো।

যাৰ ফলত কেইবালক্ষাধীক টকাৰ সা-সম্পতি জাহ যোৱাৰ আশংকা।

এই মুহূৰ্তলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

অৱশ্যে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে একাংশই।

Leave a Reply

Your email address will not be published. Required fields are marked *