কণ্ঠশিল্পী নিলোৎপল বৰালৈ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা।
ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত প্ৰতিষ্ঠিত আৰোহণ ন্যাসে অহা ২০ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰিব শিল্পীগৰাকীক।
উল্লেখ্য যে ড০ শইকীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখিয়েই সংগীত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰিব।
এই বঁটাটিত আছে নগদ ২৫ হাজাৰ টকা, গামোচা, মানপত্ৰ, স্মাৰকৰ লগতে কিাতাপৰ টোপোলা।
শিল্পী নিলোৎপল বৰাৰ পূৰ্বে ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা অনিন্দিতা পাল, কবি মণিকা দাস আদিক প্ৰদান কৰা হৈছিল।
উল্লেখ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দুদিনীয়া নাট সমাৰোহো অনুষ্ঠিত হ’ব বুলি ন্যাস সমিতিয়ে সদৰি কৰিছে।









