
ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত দুই যুৱক, উত্তেজিত জনতাই জ্বলাই দিলে ডাম্পাৰ…
এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত অকালতে প্ৰাণ হেৰুৱালে দুগৰাকী যুৱকে।
ৰঙিয়াৰ তিনিআলি চ’কত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
মৃত দুই যুৱক হৈছে ৰঙিয়াৰ গোগমালাছা নিৱাসী হাকিম আলী আৰু নাজিম আলী।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS 25 EC 9359
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ।
উত্তেজিত জনতাই দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জ্বলাই দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
লগতে স্থানীয় ৰাইজে ৰাজপথ অৱৰোধ কৰি অঞ্চলটোত ডাম্পাৰৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰো দাবী জনাই প্ৰশাসনক।
পিছত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈছে জুই নুমুৱাবলৈ সক্ষম হয়।





