পুনৰ মহানগৰীত ৰাজকন্যাৰ দৰে মাতাল যুৱতীৰ তাণ্ডৱ।
মহানগৰীত সুৰাসক্ত অৱস্থাত বিলাসী বাহনত যুৱতীৰ তাণ্ডৱ।
নিশাৰ মহানগৰীত দিশপুৰ যান-বাহন আৰক্ষীৰ জালত সুৰামত্ত দুই যুৱতী।
AR 01 N 1101 নম্বৰৰ হুণ্ডাই i10 বাহনত সুৰামত্ত হৈ ৰাজপথৰ মাজত উদ্ভণ্ডালি চলোৱাৰ অভিযোগ দুই যুৱতীৰ বিৰুদ্ধে।
ছুপাৰ মাৰ্কেটৰ পৰা দুয়ুকে আটক কৰি দিছপুৰ থানালৈ আনে যান-বাহন আৰক্ষীয়ে।
থানাৰ ভিতৰতো উদ্ভাণ্ডালি চলালে সুৰামত্ত দুই যুৱতীয়ে।
থানাৰ ভিতৰৰ পৰা সাংবাদিকৰ কেমেৰালৈ চেণ্ডেল আৰু চকী দলিয়ালে নিচাসক্ত যুৱতীয়ে।
তাৰ পিছতে দুই যুৱতীক GMCHত স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিয়ে দিছপুৰ যান–বাহন আৰক্ষীয়ে।
বৰ্তমান পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে দুই যুৱতীক।









