নিউজ ডেস্কঃ অসমৰ বনাঞ্চলৰ পৰা গছ কাটি গোপনে অৰুণাচললৈ কাঠ সৰবৰাহৰ সময়তে ডিব্ৰুগড়ত জব্দ কেইবাখনো কুণ্ডাভৰ্তি ট্ৰাক।
শনিবাৰে ১৮নং গাড়োৱাল ৰাইফলছৰ এটা দলে নামছাং-শুকানজুৰি পথৰ সমীপত জব্দ কৰিবলৈ সক্ষম হয় মুঠ ৬২টা গছৰ কুণ্ডা সৰবৰাহ কৰা ৮ খনকৈ ট্ৰাক।
লগতে এখন ক্ৰেনো জব্দ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোৱে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গোপন কাঠ সৰবৰাহ কৰা এই ট্ৰাককেইখন দেওমালিৰ সমীপৰ ৰংলা অভিমুখে গৈ আছিল।
সৰবৰাহ কৰা অধিকাংশ কাঠ ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ ৰেঞ্জৰ অন্তৰ্গত হুগুৰি বনাঞ্চলৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, অঞ্চলটোৰ একাংশ পৰিৱেশবিদে প্ৰায় ১০ দিন পূৰ্বেই হুগুৰি বনাঞ্চলত লুকুৱাই ৰখা ট্ৰাক সমূহৰ বিষয়ে বন বিভাগক সতৰ্ক কৰি দিছিল।
Unabated destruction in Dehing Patkai National Park under the nose of DFOs of Dibrugarh and Digboi. 9 truckloads of 62 Holong trees seized by Army.(trucks were released by forest officials).pl take action @rashtrapatibhvn @himantabiswa @cmpatowary @assamforest @assamtribuneoff pic.twitter.com/uGym9927qx
— Jayanta K Das (@jayantakrdas) January 23, 2023
কিন্তু তাৰ পিছতো বন বিভাগ কিম্বা আৰক্ষীয়ে এই সৰবৰাহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
অন্যহাতে গড়োৱান ৰাইফলছে জব্দ কৰা এই ট্ৰাক কেইখন পৰৱৰ্তী সময়ত বন বিভাগে মুকলি কৰি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে।









