আগদিনা ৰাজহুৱাকৈ চিনি নাপাও বুলি কোৱা শ্বাহৰুখৰ সৈতে পুৱতি নিশা মুখ্যমন্ত্ৰীৰ ফৌনিক বাৰ্তালাপ! উভতি ধৰিলে ছবি সমালোচক KRKয়ে…

নিউজ ডেস্কঃ সমগ্ৰ দেশত এতিয়া বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিক লৈ চৰ্চা।

মুক্তিৰ পূৰ্বেই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এই ছবিখনক লৈ সৃষ্টি হৈছিল বিতৰ্কৰো।

ছবিখনৰ এটা গীতত গেৰুৱা সাজ পৰিধান কৰি অশ্লীল নৃত্য কৰাৰ অভিযোগ উত্থাপন কৰি ছবিখনৰ বয়কটৰ দাবী জোৰেৰে উত্থাপন কৰিছিল একাংশ হিন্দুত্ববাদী সংগঠনে।

এই দাবীয়ে প্ৰভাৱ পেলাইছিল অসমতো। অসমৰো হিন্দুত্ববাদী সংগঠনে দাবী কৰিছিল ছবিখন বয়কট কৰাৰ।

এনে সময়তে গুৱাহাটীত ছবিখনৰ মুক্তিৰ সময়ত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰো।

পাঠানক লৈ অব্যাহত থকা তুমুল চৰ্চাৰ মাজতে সাংবাদিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ আছিল- কোন শ্বাহৰুখ খান? মই চিনি নাপাও।

কিন্তু সেই গৰাকী মুখ্যমন্ত্ৰীয়েই দেওবাৰে পুৱা টুইটযোগে প্ৰকাশ কৰে যে শ্বাহৰুখ খানে পুৱতি নিশা ২ বজাত তেওঁলৈ ফোন কৰিছে।

ফোনকলৰ বাৰ্তালাপত গুৱাহাটীত ছবিখনৰ মুক্তিৰ সময়ত সৃষ্টি পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি ছবিখনৰ মুক্তিৰ বাবে অসম চৰকাৰৰ সহায় বিচাৰে শ্বাহৰুখ খানে।

মুখ্যমন্ত্ৰীয়েও শ্বাহৰুখ খানত আইন শৃংখলা অনুসৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ পিছতে এতিয়া সৃষ্টি হৈছে অন্য এক প্ৰতিক্ৰিয়াৰ।

বিশেষকৈ ছবি সমালোচক তথা অভিনেতা কামাল আৰ খানে উভতি ধৰিছে মুখ্যমন্ত্ৰী শৰ্মাক।

আগদিনা যিগৰাকী শ্বাহৰুখ খানক হিমন্ত বিশ্ব শৰ্মাই চিনি নাপাও বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছিল, সেইগৰাকী শ্বাহৰুখ খানৰ সৈতে নিশা মুখ্যমন্ত্ৰীয়ে কিদৰে ফোনত কথা পাতিলে বুলিও প্ৰশ্ন উত্থাপন কৰে কামাল আৰ খানে।

টুইটাৰত কামাল আৰ খানে লিখিছে, ”কালি অসমত মুখ্যমন্ত্ৰীয়ে কয়, তেওঁ শ্বাহৰুখ খানক নাজানে। তথাপিও শ্বাহৰুখ খানে ৰাতিপুৱা ২ বজাত তেওঁক ফোন কৰি ৰাজ্যত পাঠান ছবি মুকলি কৰিবলৈ সহায় বিচাৰিলে। আৰু কল্পনা কৰকচোন সেই একেজন মুখ্যমন্ত্ৰীয়ে পুৱা ২ বজাত শ্বাহৰুখৰ সৈতে কথা পাতি আছিল, যাক তেওঁ একেবাৰেই চিনি নাপায়। অৰ্থাৎ সকলোৱে কেৱল তেওঁৰ সুবিধা বিচাৰিছে।’’