ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰিল শিলভৰ্তি ল’ৰী, কথমপি প্ৰাণৰক্ষা ২ যাত্ৰীৰ…

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰিল শিল কঢ়িওৱা এখন গধুৰ ল’ৰী।

অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাটোত কোনো ধৰণৰ আঘাতপ্ৰাপ্ত নোহোৱাকৈ জীৱন ৰক্ষা পৰে চাৰিচকীয়া বাহনখনত থকা যাত্ৰী সকলৰ।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ মেইনানূৰত।

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে লোমহৰ্ষক দুৰ্ঘটনাটোৰ এটা ভিডিঅ’।

জানিব পৰা মতে, বুধবাৰে পুৱা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

শিল কঢ়িওৱা ল’ৰীখনে আন এখন বাহনৰ সৈতে সংঘৰ্ষৰ পৰা বাচিবলৈ চেষ্টা কৰোতেই নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনখনৰ ওপৰত বাগৰি পৰে।

কিন্তু সৌভাগ্যক্ৰমে সেই সময়ত চাৰিচকীয়া বাহনখনৰ ভিতৰত থকা যাত্ৰী দুজনে কোনো আঘাত নোপোৱাকৈ গাড়ীৰ পৰা ওলাই আহিবলৈ সক্ষম হয়।

ল’ৰীখন অধিক বেগত অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে স্থানীয় লোকে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰে।