নিউজ ডেস্ক। দুৰ্ঘটনাত পতিত বনভােজ দলৰ ট্ৰেভেলাৰ বাহন।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰিল বাহনখন।
এই দুৰ্ঘটনাত আহত ২৩ জন যুৱক-যুৱতী।
জানিব পৰা মতে, সােমবাৰে পুৱা তামুলপুৰ-ওদালগুৰি পথৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ সমীপৰ কলেজ চ’কত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
বনভোজৰ দল কঢ়িয়াই অনা এখন ট্ৰেভেলাৰ বাহনৰ এখন ৱাগন-আৰ বাহনৰ লগত সংঘৰ্ষ হোৱাৰ ফলত ট্রেফেলাৰখন পথৰ ওপৰত বাগৰি পৰাত বাহনখনত থকা ২৩ জন যুৱক-যুৱতী আহত হয়।
জানিব পৰা মতে, নলবাৰী জিলাৰ চামতাৰ পৰা বনভোজৰ দল এটাই ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ পৰ্যটনস্থলী ভৈৰৱকুণ্ডলৈ বনভোজ খাবলৈ আহিছিল।
পুৱা ৯-৩০ বজাত বনভোজৰ দলটো কঢ়িয়াই অনা ট্ৰেভেলাৰ (এ এছ-২৫ এ চি- ১৬৯৫) বাহনখন নাগ্ৰীজুলি কলেজ চ’ক পোৱাৰ সময়তে নাগ্ৰীজুলি বজাৰ সংযোগী পথেৰে ৱাগন আৰ এছ-০১ ডি ইউ-৬০৬৩) বাহনখন মূল পথত উঠোতে ট্ৰেভেলাৰ বাহনখনে খুন্দিয়াই পথত বাগৰি পৰি বহু দূৰ চোঁচৰি যায় ।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
আনহাতে, আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোক তথা ব্যৱসায়ীসকলৰ সহযোগত দুর্ঘটনাগ্রস্ত বাহনখনৰ পৰা বনভোজৰ দলৰ ২৩গৰাকী যুৱক- যুৱতীক উদ্ধাৰ কৰি স্থানীয় নাগ্ৰীজুলি আদর্শ চিকিৎসালয়ত ভৰ্তি কৰায়।
দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত ট্ৰেভেলাৰখনৰ চালক সমীৰন হালৈ, ৰিয়া বেগম, হেমেন শৰ্মা, মৰিনু উজাৰী আৰু কল্পনা বৰ্মনক নলবাৰীলৈ প্ৰেৰণ কৰা হয়।









