সন্তান জন্ম দি সভাপতিৰ পদৰ হেৰুৱালে এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে।
দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ বাবে সভাপতি পদৰ পৰা বৰ্খাস্ত হ’ল পঞ্চায়ত প্ৰতিনিধিগৰাকী।
সভাপতি আজিজুৰ ৰহমান আহমেদক পদৰ পৰা বৰ্খাস্ত।
সভাপতি আজিজুৰ নিৰ্বাচনৰ পূৰ্বে আছিল ২ সন্তানৰ পিতৃ।
কিন্তু পিছলৈ আজিজুৰে লাভ কৰিলে ৪ সন্তানৰ পিতৃত্বৰে গৌৰৱ।
যাৰ বাবে আইন অমান্য কৰাৰ অপৰাধাত হেৰুৱালে পঞ্চায়ত সভাপতিৰ পদ।
আইন অনুসৰি ২ সন্তানৰ অধিক হ’লে হ’ব নোৱাৰি পঞ্চায়তৰ প্ৰতিনিধি।
দক্ষিণ শালমৰাৰ টুমনি গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা।









