অসমীয়াঅসম

৪ জিলা বিলুপ্তিক লৈ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ…

নিউজ ডেস্কঃ ৰাজ্যৰ ৪ জিলা বিলুপ্তিক লৈ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত কোনো কাৰণতে সমৰ্থনযোগ্য নহয় বুলি মন্তব্য ভট্টাচাৰ্যৰ।

তেওঁ কয় যে অসমৰ ৰাইজে বহু আন্দোলন কৰি জিলা লাভ কৰিছিল।

এনে পৰিপ্ৰেক্ষিতত চৰকাৰে জিলা বিলুপ্তিক লৈ লোৱা সিদ্ধান্ত মানি ল’ব নোৱাৰি বুলি মন্তব্য আছুৰ উপদেষ্টাগৰাকীৰ।

চৰকাৰে পূৰ্বৰ জিলাৰ মৰ্যাদা ঘূৰাই দিব লাগিব বুলিও দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।