ফিল’বাৰী কাণ্ডঃ আছুৱে বহিস্কাৰ কৰিলে ঘটনাৰ সৈতে জড়িত নেতাক…

ফিলবাৰীত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত শিক্ষয়ত্ৰীৰ ৰাজহুৱা আঁঠু, বহিস্কাৰ কৰা হ’ল আছু নেতাক।

ডুমডুমাৰ ফিলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীক ৰাজহুৱাকৈ ছাত্ৰ-ছাত্ৰীৰ আগত আঠু কাঢ়িবলৈ বাধ্য কৰোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়।

বিদ্যালয়খনৰ মাচুলক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীয়ে কৰিছিল আন্দোলন।

ইয়াৰ পিছতে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিৰদা বৰাৰ সামান্য কথাক লৈ সৃষ্টি হৈছিল সকলোকে লজ্জানত কৰা এই ঘটনা।

এই ঘটনাৰ পাছতে সদৌ অসম ছাত্ৰ-সন্থাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিক্ষাগুৰুক অপমান কৰা কাৰ্য্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

May be an image of text

সদৌ অসম ছাত্ৰ সন্থাই উক্ত ঘটনাৰ বাবে তিনিচুকীয়া জিলা ছাত্ৰ-সন্থাৰ উপ-সভাপতি কৰ্ণ বুঢ়াগোঁহাইক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিস্কাৰ কৰে।

ইফালে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে জিলা প্ৰশাসনে গঠন কৰিছে বিশেষ কমিটী।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিত গঠন কৰা হৈছে এই কমিটী।

এই কমিটীয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন তিনি দিনৰ ভিতৰত দাখিল কৰিব লাগিব।

Leave a Comment