নিউজ ডেস্কঃ ফাৰ্মাচিটিউকেল ফাৰ্মত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু ৪ জন শ্ৰমিকৰ।
সোমবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ অনকাপলে জিলাৰ জৱাহৰলাল নেহৰু ফাৰ্মা চিটিৰ ভিতৰত অৱস্থিত ল’ৰাছ লেবছ লিমিটেড নামৰ এখন ফাৰ্মাচিটিউকেল ফাৰ্মৰ তৃতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত তাত কৰ্মৰত ৪ শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰাৰ বিপৰীতে গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আন এজন।
পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।
অগ্নিকাণ্ডত নিহত সকলক টি ৰাজেশ বাবু, আৰ ৰামকৃষ্ণ, বি ৰামবাবু আৰু এম ভেংকটা ৰাও বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
আনহাতে অগ্নিকাণ্ডত আহত হয় ৱাই সতীশ নামৰ শ্ৰমিক জন।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঔষধ প্ৰতিষ্ঠানখনত শ্ৰমিক কেইজনে কাম কৰি আছিল।









