মৰ্মান্তিক! উদণ্ড ট্ৰেভেলাৰ চালকৰ খুন্দাত কৰুণ মৃত্যু বাইক আৰোহী সুপৰিচিত ঢোল বাদকসহ ২ ছাত্ৰৰ…

নিউজ ডেস্কঃ উদণ্ড ট্ৰেভেলাৰ চালকৰ ভুলৰ্ বাবেই কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ২ ছাত্ৰই।

শনিবাৰে সন্ধিয়া এই শোকাবহ ঘটনা সংঘটিত হয় ধেমাজি জিলাৰ চিলাপথাৰৰ দাম্বুকত।

image 145
মৰ্মান্তিক! উদণ্ড ট্ৰেভেলাৰ চালকৰ খুন্দাত কৰুণ মৃত্যু বাইক আৰোহী সুপৰিচিত ঢোল বাদকসহ ২ ছাত্ৰৰ… 5

জানিব পৰা মতে, ছাত্ৰ দুজনে বাইকেৰে গৈ থকা সময়ত ভুল দিশেৰে অহা এখন তীব্ৰবেগী ট্ৰেভেলাৰে প্ৰচণ্ড জোৰে খুন্দা মৰাত দুয়োজন ছাত্ৰৰ থিতাতে মৃত্যু ঘটে।

নিহত ছাত্ৰ দুজন বৰবৰুৱা থানাৰ অন্তৰ্গত বৰদৈ বাম গাঁৱৰ কৃষক বেদকান্ত বৰুৱাৰ একমাত্ৰ পুত্ৰ সাৰঙ্গ বৰুৱা আৰু শ্ৰীমন্ত ফুকনৰ একমাত্ৰ পুত্ৰ অভিজ্ঞান ফুকন বুলি চিনাক্ত কৰা হৈছে।

image 146
মৰ্মান্তিক! উদণ্ড ট্ৰেভেলাৰ চালকৰ খুন্দাত কৰুণ মৃত্যু বাইক আৰোহী সুপৰিচিত ঢোল বাদকসহ ২ ছাত্ৰৰ… 6

জানিব পৰা মতে, নিহত সাৰঙ্গ ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি কলেজৰ চতুৰ্থ ষাণ্মাসিকৰ নৃতত্ব বিভাগৰ ছাত্ৰ আছিল।

এগৰাকী সুদক্ষ ঢোল বাদকো আছিল সাৰঙ্গ।

image 147
মৰ্মান্তিক! উদণ্ড ট্ৰেভেলাৰ চালকৰ খুন্দাত কৰুণ মৃত্যু বাইক আৰোহী সুপৰিচিত ঢোল বাদকসহ ২ ছাত্ৰৰ… 7

আনহাতে আনজন নিহত অভিজ্ঞান লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল।

ছাত্ৰ দুজনৰ আকস্মিক পৰিয়ালে দুয়োৰে পৰিয়ালক শোকস্তব্ধ কৰি তোলাৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

image 148
মৰ্মান্তিক! উদণ্ড ট্ৰেভেলাৰ চালকৰ খুন্দাত কৰুণ মৃত্যু বাইক আৰোহী সুপৰিচিত ঢোল বাদকসহ ২ ছাত্ৰৰ… 8

ইফালে দুৰ্ঘটনাত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাইও গভীৰ শোক প্ৰকাশ কৰিছে।