নিউজ ডেস্কঃ এতিয়াৰে পৰা হেলমেট পৰিধান কৰিব লাগিব ই ৰিক্সা চালকেও।
ওদালগুৰি জিলা প্ৰশাসনে জাৰি কৰা এই নিৰ্দেশনাত এতিয়া জাঙুৰ খাই উঠিছে ই ৰিক্সা চালক সন্থা।
দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ই ৰিক্সা চালকক হেলমেট পৰিধান কৰিবলৈ নিৰ্দেশ জিলা প্ৰশাসনৰ।
হেলমেট পৰিধান নকৰিলে ভৰিব লাগিব এহাজাৰ টকা জৰিমণা।
আনহাতে ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা।
ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমণা।
জিলা প্ৰশাসনৰ এই নিৰ্দেশনাৰ পিছতে এতিয়া ওদালগুৰিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে ই ৰিক্সা চালক সন্থাই।
আনহাতে ডিটিঅ’ বদলিৰো দাবী উত্থাপন কৰিছে চালকসকলে।









