মমতাময়ী! প্ৰচণ্ড জাৰৰ নিশা হৃদয়হীনা মাতৃয়ে পথৰ দাঁতিত পেলাই থৈ যোৱা দেৱশিশুক বুকুৰ গাখীৰ খুৱাই নতুন জীৱন দিলে SHOৰ পত্নীয়ে…

নিউজ ডেস্কঃ প্ৰচণ্ড জাৰৰ নিশা পথৰ দাঁতিৰ জোপোহাৰ মাজত সদ্যজাত কন্যা শিশুটিক পেলাই থৈ গৈছিল কোনো হৃদয়হীনা মাতৃয়ে।

পিছত আৰক্ষীয়ে যেতিয়া শিশুটিক উদ্ধাৰ কৰিছিল, সেই সময়ত ভোক আৰু জাৰত দুৰ্বল হৈ পৰিছিল শিশুটি।

image 133
মমতাময়ী! প্ৰচণ্ড জাৰৰ নিশা হৃদয়হীনা মাতৃয়ে পথৰ দাঁতিত পেলাই থৈ যোৱা দেৱশিশুক বুকুৰ গাখীৰ খুৱাই নতুন জীৱন দিলে SHOৰ পত্নীয়ে… 5

কিন্তু এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতাই অৱশেষত যেন এটা নতুন জীৱন দিলে সেই সদ্যজাত কন্যা শিশুটিক।

নিজৰ বুকুৰ গাখীৰ খুৱাই শিশুটিক মাতৃত্বৰ উমেৰে সুস্থ কৰি তোলে এগৰাকী এছ এইছ অ’ৰ পত্নীয়ে।

image 134
মমতাময়ী! প্ৰচণ্ড জাৰৰ নিশা হৃদয়হীনা মাতৃয়ে পথৰ দাঁতিত পেলাই থৈ যোৱা দেৱশিশুক বুকুৰ গাখীৰ খুৱাই নতুন জীৱন দিলে SHOৰ পত্নীয়ে… 6

এই ঘটনা উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱা ২০ ডিচেম্বৰত নলেজ পাৰ্ক অঞ্চলৰ জোপোহাৰ মাজত এটি শিশুটিৰ কান্দোন শুনি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সদ্যজাত শিশুটিক উদ্ধাৰ কৰি থানালৈ লৈ আনে।

image 135
মমতাময়ী! প্ৰচণ্ড জাৰৰ নিশা হৃদয়হীনা মাতৃয়ে পথৰ দাঁতিত পেলাই থৈ যোৱা দেৱশিশুক বুকুৰ গাখীৰ খুৱাই নতুন জীৱন দিলে SHOৰ পত্নীয়ে… 7

কিন্তু ভোক আৰু জাৰত আতুৰ হৈ পৰা শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।

সেই সময়ত থানাত উপস্থিত থকা এছএইছঅ’ৰ পত্নী জ্যোতি সিঙে শিশুটিক বুকুৰ গাখীৰ দিয়াত শিশুটি সুস্থ হৈ উঠে।

image 136
মমতাময়ী! প্ৰচণ্ড জাৰৰ নিশা হৃদয়হীনা মাতৃয়ে পথৰ দাঁতিত পেলাই থৈ যোৱা দেৱশিশুক বুকুৰ গাখীৰ খুৱাই নতুন জীৱন দিলে SHOৰ পত্নীয়ে… 8

ইফালে নৱজাতক শিশুটিৰ পিতৃ-মাতৃৰ সন্ধান বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

সমান্তৰালভাৱে জ্যোতি সিঙে দেখুওৱা মহানুভৱতাই এতিয়া হৃদয় জিনিছে সকলোৰে।