নতুন বছৰৰ পূৰ্বে মহানগৰবাসীৰ বাবে বেয়া খবৰ! এতিয়াৰে পৰা গাড়ী পাৰ্কিঙত দিব লাগিব ধন…

নিউজ ডেস্কঃ নতুন বছৰৰ পূৰ্বে এটা বেয়া খবৰ গুৱাহাটী মহানগৰবাসীৰ বাবে।

এতিয়াৰে পৰা বিনামূলীয়া নহ’ব গাড়ীৰ পাৰ্কিং।

পাৰ্কিঙৰ জৰিয়তে এইবাৰ ধন সংগ্ৰহত নামি পৰিছে গুৱাহাটী পৌৰ নিগম।

এই কথা জনালে মেয়ৰ মৃগেন শৰণীয়াই।

গুৱাহাটীত নতুনকৈ প্ৰদান কৰা হৈছে ৫২ টা পাৰ্কিং।

এই পাৰ্কিঙত গাড়ী ৰখালে গুৱাহাটীবাসীয়ে দিব লাগিব ধন।

অৱশ্যে বিনামূলীয়া পাৰ্কিঙো থাকিব বুলি স্পষ্ট কৰিলে মৃগেন শৰণীয়াই।

কিন্তু পাৰ্কিঙৰ বাবে জিএমচিয়ে ধন ল’ব পাৰে বুলিও মন্তব্য কৰে মেয়ৰ গৰাকীয়ে।

গুৱাহাটীত নতুনকৈ আৰু কেইবাটাও পাৰ্কিং প্ৰদান কৰা হ’ব বুলিও জনায় তেওঁ।