মৰ্মান্তিক! মহানগৰীত ৰে’লৰ পৰা পিছলি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকাৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

মহানগৰীত ৰে’লৰ পৰা নমাৰ সময়ত পিছল খাই পৰি কৰুণ মৃত্যু এগৰাকী অধ্যাপিকাৰ।

এই ঘটনাৰ স্থান গুৱাহাটীৰ নাৰেংগী ৰেল ষ্টেচন।

জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লিৰ ভাগত নগাঁও-গুৱাহাটী অভিমুখী নামনিমুৱা কলংপাৰ পেছেঞ্জাৰ ৰে’লগাড়ীৰ পৰা নামিবলৈ লোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

মৃত অধ্যাপিকাগৰাকী মহানগৰীৰ চচল নিবাসী তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা ড° সঞ্জিতা সিন্হা (৫০)।

320391356 6520995741260780 1776434353744924999 n
মৰ্মান্তিক! মহানগৰীত ৰে’লৰ পৰা পিছলি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকাৰ কৰুণ মৃত্যু 4

জানিব পৰা মতে, অধ্যাপিকাগৰাকীয়ে কৰ্তব্যস্থলীৰ পৰা কলংপাৰ পেছেঞ্জাৰযোগে নগাঁৱৰ পৰা গুৱাহাটীলৈ অহাৰ সময়তে বিয়লি প্রায় ৪ বজাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে পুৱা আৰু বিয়লিৰ ভাগত অহা কলংপাৰ পেছেঞ্জাৰ ৰে’লগাড়ীখন নাৰেংগী ষ্টেচনত সাধাৰণতে গতি হ্ৰাস কৰে বাবেই বহু যাত্ৰীয়ে উক্ত ষ্টেচনটোত উঠা-নমা কৰে।

image 94
মৰ্মান্তিক! মহানগৰীত ৰে’লৰ পৰা পিছলি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকাৰ কৰুণ মৃত্যু 5

অনুৰূপ ধৰণে চচলস্থিত ঘৰলৈ যোৱাৰ বাবে অধ্যাপিকাগৰাকীয়ে নাৰেংগী ষ্টেচনত নামিবলৈ চেষ্টা কৰাৰ সময়তে দুর্ঘটনাবশতঃ ভৰি পিছল খাই ৰে’লৰ তলত সোমাই পৰে।

এই লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিবেশৰ মাজতে কেইজনমান লোকে ৰে’লখনৰ তলৰ পৰা অধ্যাপিকাগৰাকীক উদ্ধাৰ কৰে যদিও তেতিয়ালৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

image 95
মৰ্মান্তিক! মহানগৰীত ৰে’লৰ পৰা পিছলি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকাৰ কৰুণ মৃত্যু 6

জানিব পৰামতে, তেওঁৰ স্বামী ৰঞ্জিত সিন্হা গুৱাহাটী দূৰদৰ্শনত কৰ্মৰত।

মৃত্যুৰ সময়ত কন্যা আৰু পুত্ৰ সন্তানক এৰি থৈ যোৱা সঞ্জিতা সিন্হাৰ মৃত্যুত নগাঁও তথা গুৱাহাটীত শোকৰ ছাঁ পৰিছে।