আপোনাৰ এলেকাত কোনো যুৱকে বাইক ষ্টাণ্ট কৰে নেকি? ডাইৰেক্ট মেচেজ কৰক আৰক্ষীক…

বহু সময়ত একাংশ উদণ্ড যুৱকৰ বাইক ষ্টাণ্টৰ ফলত বিপদৰ সন্মুখীন হৈ আহিছে সাধাৰণ জনতা।

বাইক ষ্টান্টৰ ফলত ইতিমধ্যেই বহু সাধাৰণ জনতাই হেৰুৱাইছে প্ৰাণ।

যাৰ বাবে এতিয়া বাইক ষ্টান্ট কৰা যুৱকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী।

এই সন্দৰ্ভত টুইটাৰযোগে অসমবাসীক বিশেষ বাৰ্তা প্ৰদান কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে।

এতিয়াৰে পৰা যদি আপোনাৰ এলেকাত কোনো যুৱকে বাইক ষ্টাণ্ট কৰে তেন্তে আপুনি জনাব পাৰিব আৰক্ষীক।

বাইক ষ্টাণ্ট যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে অসম আৰক্ষীক ডাইৰেক্ট মেছেজৰ জৰিয়তে অৱগত কৰিবলৈ অনুৰোধ জনাইছে জি পি সিঙে।

লগতে সামাজিক মাধ্যমতো বাইক ষ্টাণ্টৰ প্ৰদৰ্শন আৰক্ষীক দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনাইছে।