পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতে হাৰ্ট এটেকত মৃত্যু এসময়ৰ বিশ্বৰ আটাইতকৈ শকত ব্যক্তি ৪৪৪ কেজি ওজনৰ আৰক্ষী বিষয়াৰ…

নিউজ ডেস্কঃ মেদবহুলতা সকলোৰে বাবে এক অভিশাপৰ সমান।

সেয়ে শৰীৰৰ চৰ্বি হ্ৰাস কৰিবলৈ বিভিন্ন জনে বিভিন্ন আশ্ৰয় লয়। কোনোৱে যদি খাদ্য গ্ৰহণ নিয়ন্ত্ৰণৰ চেষ্টা চলায়, আন কোনোৱে আকৌ শৰীৰ চৰ্চা, যোগাভ্যাসৰ জৰিয়তে হ্ৰাস কৰিবলৈ চেষ্টা চলায় বৰ্ধিত ওজন।

জোখতকৈ অত্যাধিক শকত আন একাংশই আকৌ অস্ত্ৰোপচাৰৰ জৰিয়তে শৰীৰটো ধুনীয়া কৰাৰ চেষ্টা চলায়। অৱশ্যে এনে পন্থা গ্ৰহণ কৰি মৃত্যুকো সাৱটিবলগীয়া হৈছে বহুজনে।

শৰীৰৰ বৰ্ধিত ওজন এক অভিশাপ হৈ পৰিছিল মেক্সিকোৰ নিৱাসী আৰক্ষী বিষয়া আন্দ্ৰেছ মৰেনোৰ বাবেও। ২০১৫ চনত বিশ্বৰ আটাইতকৈ শকত ব্যক্তি হিচাপে তেওঁক ঘোষণা কৰিছিল গিনীজ বুকে।

image 84
পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতে হাৰ্ট এটেকত মৃত্যু এসময়ৰ বিশ্বৰ আটাইতকৈ শকত ব্যক্তি ৪৪৪ কেজি ওজনৰ আৰক্ষী বিষয়াৰ… 4

কিন্তু অত্যাধিক মেদবহুলতাই জীৱন অভিশপ্ত কৰি তোলা আন্দ্ৰেছ মৰেনো এতিয়া আৰু নাই। শেহতীয়াকৈ হাৰ্ট এটেকৰ ফলত মৃত্যু ঘটে আন্দ্ৰেছৰ।

আন্দ্ৰেছৰ মৃত্যুৰ এটা কাৰণ তেওঁৰ পত্নীৰ সৈতে ঘটা বিবাহ বিচ্ছেদ বুলিও এতিয়া একাংশই মত প্ৰকাশ কৰিছে। শকত বাবেই পত্নীয়ে এৰি থৈ যোৱাৰ পিছতে মানসিকভাৱে ভাগি পৰিছিল মৰেনো।

তাৰ পিছতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় এসময়ৰ বিশ্বৰ আটাইতকৈ শকত ব্যক্তিজনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৮ বছৰ।

উল্লেখ্য যে, আন্দ্ৰেছৰ জন্মৰ সময়তে ওজন আছিল ৫.৮ কেজি। যেতিয়া তেওঁৰ বয়স ১০ বছৰ আছিল, তেতিয়াই তেওঁৰ ওজন ৮২ কেজি হৈ পৰিছিল।

image 85
পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতে হাৰ্ট এটেকত মৃত্যু এসময়ৰ বিশ্বৰ আটাইতকৈ শকত ব্যক্তি ৪৪৪ কেজি ওজনৰ আৰক্ষী বিষয়াৰ… 5

পৰৱৰ্তী সময়ত আৰক্ষী বিভাগত যোগদান কৰি বিবাহ পাশত আৱদ্ধ হৈছিল আন্দ্ৰেছ মৰেনো। কিন্তু অত্যাধিক মেদবহুলতাই তেওঁৰ জীৱন ক্ৰমান্বয়ে তিক্ত কৰি তুলিছিল।

২০১৫ চনত আন্দ্ৰেছৰ শৰীৰৰ ওজন আছিল ৪৪৪ কিলোগ্ৰাম। যাৰ বাবে বিশ্বৰ আটাইতকৈ শকত ব্যক্তি হিচাপে তেওঁক অভিহিত কৰা হৈছিল।

শেহতীয়াকৈ তেওঁ ওজন হ্ৰাস কৰিবলৈ অস্ত্ৰোপচাৰৰো সহায় লৈছিল। যাৰ পিছত তেওঁ ১২০ কেজি ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছিল।

image 86
পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতে হাৰ্ট এটেকত মৃত্যু এসময়ৰ বিশ্বৰ আটাইতকৈ শকত ব্যক্তি ৪৪৪ কেজি ওজনৰ আৰক্ষী বিষয়াৰ… 6

কিন্তু সেয়াই যথেষ্ট নাছিল পত্নীৰ বাবে। তেওঁ শকত হোৱাৰ বাবেই পত্নীয়ে বিবাহ বিচ্ছেদ কৰি এৰি থৈ গৈছিল আন্দ্ৰেছক।

তাৰ পিছতে মানসিকভাৱে ভাগি পৰা আন্দ্ৰেছৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে।