অৱশেষত এখন ঘৰ হ’ল অনাথ খুচীৰো! স্পেইনৰ মাৰিয়াই কন্যাৰূপে তুলি ল’লে ধনশিৰিৰ দুবছৰীয়া কণমানিটিক…

নিউজ ডেস্কঃ প্ৰায় দুবছৰ পূৰ্বে কোনো হৃদয়হীনা মাতৃয়ে হাবিৰ মাজত পেলাই থৈ গৈছিল সদ্যোজাত এটি কন্যা দেৱশিশুক। এতিয়া সেই শিশুটি দুবছৰীয়া হ’ল। হাঁহিব পৰা হ’ল, খোজ কাঢ়িব পৰা হ’ল, ফুটা-নুফুটাকৈ এটি দুটি কথাও ক’ব পৰা হ’ল।

ধনশিৰিৰ মিছন কনচাৰ্ন শিশু গৃহত থকা এই কণমানি কন্যা শিশুটিৰ নাম হৈছে খুচী। আৰু অৱশেষত খুচীয়েও লাভ কৰিলে এখন ঘৰ।

স্পেইনৰ এগৰাকী অধ্যাপিকাই অৱশেষত নিজৰ কন্যাৰূপে তুলি ল’লে অনাথ খুচীক।

image 81
অৱশেষত এখন ঘৰ হ’ল অনাথ খুচীৰো! স্পেইনৰ মাৰিয়াই কন্যাৰূপে তুলি ল’লে ধনশিৰিৰ দুবছৰীয়া কণমানিটিক… 4

যাৱতীয় কাম-কাজ সম্পন্ন কৰি স্পেইনৰ মাৰিয়া জেবনিয়া এমংগল ৰামছে খুচীক নিজৰ সৈতে লৈ যায়।

উল্লেখ্য যে, বোকাজানৰ ঘৰিয়ালডুবিত প্ৰায় দুবছৰ পূৰ্বে মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছিল সদ্যোজাত দেৱশিশুটিক।

শিশুটিৰ উদ্ধাৰৰ পিছত ধনশিৰিৰ মিছন কনচাৰ্ন শিশু গৃহৰ সকলোৰে মাতৃ অম্বিকাই ডিফু মেডিকেল কলেজত ভৰ্তি কৰিছিল।

image 82
অৱশেষত এখন ঘৰ হ’ল অনাথ খুচীৰো! স্পেইনৰ মাৰিয়াই কন্যাৰূপে তুলি ল’লে ধনশিৰিৰ দুবছৰীয়া কণমানিটিক… 5

সদ্যোজাত শিশুটিৰ ভাল হোৱাৰ আশা নাই বুলি সেই সময়ত চিকিৎসকে জনালেও হাৰ মনা নাছিল অম্বিকা।

পৰৱৰ্তী সময়ত শিশুটিক ডিমাপুৰৰ জীৱন চিকিৎসালয়ত ভৰ্তি কৰোৱাত তাতেই নতুন জীৱন লাভ কৰে সদ্যোজাত শিশুটিয়ে। যাৰ নাম খুচী ৰখা হয়।

অলেখ জনৰ আশীৰ্বাদ লাভ কৰি আজি দুবছৰীয়া হোৱা খুচীকেই নিজৰ সন্তান কৰি ল’বলৈ সুদূৰ স্পেইনৰ পৰা ভাৰতত উপস্থিত হয় স্পেইনৰ এখন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মাৰিয়া।

image 83
অৱশেষত এখন ঘৰ হ’ল অনাথ খুচীৰো! স্পেইনৰ মাৰিয়াই কন্যাৰূপে তুলি ল’লে ধনশিৰিৰ দুবছৰীয়া কণমানিটিক… 6

দেওবাৰে মাৰিয়া, তেওঁৰ ভগ্নী ছোনীয়া এমংগল ৰামছ নতুন দিল্লীত উপস্থিত হোৱাৰ পিছত সোমবাৰে দ্বোভাষী জমাল মুৰেছনৰ সৈতে তেওঁলোক উপস্থিত হয় ধনশিৰিত।

ধনশিৰিৰ শিশু গৃহত সোমবাৰে আয়োজিত এক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শ‍ইকীয়া আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত নুপূৰ বৰাই আনুষ্ঠানিকভাৱে খুচীৰ সকলো কাগজপত্ৰ অৰ্পণ কৰে মাৰিয়াৰ হাতত।

খুচীৰ বিদায় অনুষ্ঠানত উপস্থিত থাকে সদৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, অসম ৰাইফলছৰ মেজৰ অমৰেন্দ্ৰ, ডিফু উপায়ুক্ত কাৰ্যালয়ৰ প্ৰশাসনিক বিষয়া কুমাৰী থাওমুং, চৰকাৰী গাঁওবুঢ়া, শিশু কল্যাণ পৰিষদৰ প্ৰতিনিধি আদি।