প্ৰণয়ন হ’ল আইন! ২০০৯ চনৰ পিছত জন্মগ্ৰহণ কৰিলে আজীৱন চিগাৰেট ক্ৰয় কৰিব নোৱাৰিব এইখন দেশত…

নিউজ ডেস্কঃ ২০০৯ চনৰ পিছত জন্মগ্ৰহণ কৰা কোনো ব্যক্তিয়েই এতিয়া চিগাৰেট ক্ৰয় কৰিব নোৱাৰিব এখন দেশত।

এনে এখন আইন বলবৎ কৰিছে নিউজিলেণ্ড চৰকাৰে।

ৰাষ্ট্ৰখনত ২০০৯ চনৰ ১ জানুৱাৰী বা তাৰ পিছত জন্মগ্ৰহণ কৰা যুৱক-যুৱতীৰ ওপৰত চিগাৰেট ক্ৰয়ত আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছে ৰাষ্ট্ৰৰ চৰকাৰখনে।

দেশখনৰ স্বাস্থ্য কৰ্তৃপক্ষই এই আইন প্ৰণয়নৰ কথা সদৰী কৰি কয় যে চৰকাৰে ২০২৫ চনৰ ভিতৰত সমগ্ৰ নিউজিলেণ্ডক ধুম্ৰপান মুক্ত কৰাৰ সিদ্ধান্ত লৈছে।

তেনে পৰিপ্ৰেক্ষিততে এতিয়া ৰূপায়ণ কৰা হৈছে এই বিশেষ আইন।