নিউজ ডেস্কঃ সাধাৰণতে ঘৰৰ কামবন কৰাটো মহিলাসকলৰে দায়িত্ব বুলি ধৰি লোৱা হৈ আহিছে। ঘৰ ঝাড়ু দিয়াৰ পৰা বাচন ধুৱালৈকে সকলো কামেই একমাত্ৰ মহিলাৰ বাবে বুলি একাংশই ভাৱে।
এনে কাৰণতে হয়তো ঝাড়ু, বাচন ধোৱা চাবোন, কাপোৰ ধোৱা ডিটাৰজেণ্ট আদিৰ বিজ্ঞাপনত দেখুৱাই অহা হৈছে মহিলাক।
কিন্তু বিজ্ঞাপনৰ এই পুৰণি পৰম্পৰা ভংগ কৰি পুৰুষৰ দ্বাৰা বাচন ধোৱা চাবোনৰ এক বিজ্ঞাপন প্ৰকাশ কৰিছিল চাবোন প্ৰস্তুতকাৰী কোম্পানী ভিমে।

শেহতীয়াকৈ ভিমে প্ৰকাশ কৰা পুৰুষৰ বাচন ধোৱা লিকুইডৰ বিজ্ঞাপনটোৰ মডেল আছিল অভিনেতা-মডেল মিলিন্দ সুমন।
কিন্তু এই এই বিজ্ঞাপনটো প্ৰকাশ হোৱাৰ পিছতে এতিয়া উত্থাপন হৈছে লিংগ বৈষম্যৰ অভিযোগ। বিজ্ঞাপনটোক লৈ সৃষ্টি হৈছে বিতৰ্কৰো।
দৰাচলতে বিজ্ঞাপনটোত দেখুওৱা অনুসৰি- এজন ব্যক্তিয়ে জিমলৈ অহাৰ সময়ত তেওঁ ক্লান্ত হোৱাৰ কাৰণ জনাই কয় যে নিশা তেওঁ মাতৃক সহায় কৰি বাচন ধুইছিল।
ইয়াৰ পিছতে বিজ্ঞাপনটোত আৱিৰ্ভাৱ ঘটে মিলিন্দ সুমনৰ। ভিমৰ ক’লা ৰঙৰ এটা বটল দেখুৱাই তেওঁ সকলোকে উদ্দেশ্যি কয় যে এই লিকুইড পুৰুষৰ বাবে। এতিয়া পুৰুষে এই লিকুইড ব্যৱহাৰ কৰি বাচন-বৰ্তন ধুব পাৰিব আৰু সকলোকে গৌৰৱেৰে কব পাৰিব।

কিন্তু বিজ্ঞাপনটোক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটে ইয়াতেই। পুৰুষ আৰু মহিলাৰ বাবে ভিমৰ এই বাচন ধোৱা লিকুইড কিয় পৃথক পৃথক বুলি উত্থাপন হয় প্ৰশ্নৰ।
বিজ্ঞাপনটোক লৈ বিতৰ্ক তীব্ৰতৰ হোৱাৰ লগে লগে ভিম ইণ্ডিয়াই টুইটাৰত এয়া কেৱল এক ধেমালিহে বুলি মন্তব্য কৰে। ভিম ইণ্ডিয়াই কয়, ‘আমি সেই ক’লা পেকটোক লৈ একেবাৰেই ছিৰিয়াছ নহয়। কিন্তু ঘৰত কাম কৰা পুৰুষক লৈ আমি নিশ্চিতভাৱে ছিৰিয়াছ।’
কেৱল এয়াই নহয়, পুৰুষক লৈ এখন মুকলি চিঠিও প্ৰকাশ কৰে ভিম ইণ্ডিয়াই।
পত্ৰখনত উল্লেখ কৰা অনুসৰি কোম্পানীয়ে বাচন ধোৱা লিকুইডটো ক’লা বটলত ভৰাই দিছে। কিন্তু বটলটো বেলেগ হ’লেও ভিতৰৰ তৰল পদাৰ্থ একেই।









