ৰাষ্ট্ৰীয়

২ৰ পৰা ১৮ বছৰৰ শিশু, কিশোৰেও লাভ কৰিব কৰ’ণাৰ ভেকচিন, কোভেক্সিনে পালে অনুমতি…

ভাল খবৰ! ২ৰ পৰা ১৮ বছৰৰ শিশু, কিশোৰেও লাভ কৰিব কৰ’ণাৰ ভেকচিন।

কোভেক্সিনে লাভ কৰিলে ভেকচিন প্ৰদানৰ অনুমতি।

এতিয়াৰে পৰা ২বছৰৰ ওপৰৰ সকলোৱেই লব পাৰিব কৰ’ণাৰ টিকা।

উল্লেখ্য যে, ভাৰত বায়টিক আৰু আই চি এম আৰে মিলি বনাইছিল এই কোভেক্সিন মেডিছিন।

জানিব পৰা অনুসৰি অনতি পলমেই কেন্দ্ৰীয় চৰকাৰৰ ফলাৰ পৰা ইয়াৰ ওপৰত গাইড লাইন সদৰি কৰা হব।

তাৰ পিছতেহে শিশু সকলক এই ভেকচিন প্ৰদান কৰা হব।

শিশু সকলকো দুপালিকৈ ভেকচিন প্ৰদান কৰা হব।

বৰ্তমানলৈ কৰা সকলো ধৰণৰ পৰীক্ষাত শিশু সকলৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

চৰকাৰীভাৱে সকলো চৰকাৰীস্থানত ভেকচিন বিনামূলীয়াকৈ দিয়া হব।

Leave a Reply

Your email address will not be published. Required fields are marked *