যুৱতীৰ কাণৰ কাণফুলি কাঢ়িবলৈ আহি এই দশা হ’ল চিলনী চোৰৰ! ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ সমগ্ৰ দেশতে চিলনী চোৰৰ সন্ত্ৰাসে ভীতিগ্ৰস্ত কৰি ৰাখিছে মহিলা-যুৱতীক।

ৰাজপথলৈ ওলাই আহিলেই বাইকত চিলনী বেগত আহি কাণৰ, ডিঙিৰ সোণ-ৰূপৰ সামগ্ৰী কাঢ়ি পলায়ন কৰে চিলনী চোৰে।

চিলনী চোৰৰ বাবেই বহু মহিলা-যুৱতীয়ে জীৱনো হেৰুৱাবলগীয়া হৈছে।

কিন্তু এইবাৰ দুটা চিলনী চোৰৰ ওপৰত বাঘ হৈ জপিয়াই পৰিল এগৰাকী যুৱতী।

কাণৰ কাণফুলি কাঢ়ি বাইকত উঠি পলাবলৈ লওতেই যুৱতীগৰাকীয়ে ভালকৈয়ে শিক্ষা দিলে দুই চিলনী চোৰক।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যুৱতীগৰাকীৰ সাহসিকতাৰ এই ভিডিঅ’।

ঘটনাটো উত্তৰ প্ৰদেশৰ মীৰাটৰ বুলি জানিব পৰা গৈছে।

ভিডঅ’টোত প্ৰত্যক্ষ হোৱা মতে, পথেৰে গৈ থকা এগৰাকী যুৱতীৰ কাণৰ কাণফুলি কাঢ়ি পলায়নৰ চেষ্টা চলায় বাইকত অহা দুই চিলনী চোৰে।

কিন্তু সাহসী যুৱতীগৰাকীয়ে ভীতিগ্ৰস্ত নহৈ চিলনী চোৰৰ বাইকখনত টানি ধৰাত দুয়োটা চোৰ মাটিত বাগৰি পৰে।

সেই সময়ত এটা চোৰে পুনৰ থিয় হৈ বাইকখন লৈ পলাবলৈ চেষ্টা কৰে যদিও এইবাৰো ৰক্ষা নপৰিল যুৱতীগৰাকীৰ পৰা।

জানিব পৰা মতে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুয়োটা চিলনী চোৰক।