উচ্চতম ন্যায়ালয়ত পুনৰ স্থগিত CAAৰ শুনানি।
অসম চৰকাৰে শপতনামা দাখিল নকৰাৰ বাবে স্থগিত ৰখা হ’ল শুনানি।
ধাৰ্য হোৱা নাই পৰৱৰ্তী শুনানিৰ দিন।
ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দাখিল অসম, উত্তৰ পূবৰ ৫৩ খন আবেদন।
অসম চৰকাৰে শপতনামা দাখিলত বিলম্ব কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল-সংগঠনে।
৩১ অক্টোবৰতে ধাৰ্য কৰা হৈছিল ৬ ডিচেম্বৰৰ শুনানিৰ তাৰিখ।
অসম চৰকাৰক অতিৰিক্ত দুসপ্তাহ সময় দিছিল উচ্চতম ন্যায়ালয়ে।
১ মাহ ৫ দিন সময় পোৱাৰ পাছত চৰকাৰে দাখিল নকৰিলে শপতনামা।
বিপৰীতে ১৫ দিনৰ সময় বিচাৰি ৫ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত আবেদন কৰে অসম চৰকাৰে।
অসম চৰকাৰৰ গাফিলতিৰ বাবে শুনানি নোহোৱাত ক্ষোভ অসম সন্মিলিত মহাসংঘৰ।
ইপিনে CAA বাতিল কৰি অসম, উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়াক ন্যায় দিব বুলি আশাবাদী আছু।









