পাশৱিক! ভালপোৱাটোৱেই অপৰাধ হ’ল অশোকৰ, ব্লেডেৰে কাটি শৰীৰত নিমখ-জলকীয়াৰ গুড়ি সানি প্ৰেয়সীৰ পৰিয়ালে চলালে নিৰ্মম অত্যাচাৰ…

নিউজ ডেস্কঃ ভালপোৱাটোৱেই অপৰাধ হ’ল এজন যুৱকৰ বাবে! প্ৰেমিকাৰ পৰিয়ালে বন্দী কৰি মাৰ-ধৰ কৰি ব্লেডেৰে কাটি সানি দিলে নিমখ-জলকীয়াৰ গুড়ি।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে এইখন অসমৰে কাছাৰ জিলাৰ ধলাইৰ মনিয়াৰখাল বাগানত।

বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত জীৱন মৃত্যুৰ সৈতে যুঁজিছে প্ৰেমিক যুৱকজনে।

জানিব পৰা মতে, শিলচৰৰ এটা ব্যক্তিগত কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত অশোক ৰবিদাসৰ দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক আছিল মনিয়াৰখাল বাগানৰ এগৰাকী যুৱতীৰ সৈতে।

শেহতীয়াকৈ ঘৰৰ পৰা পলাই আহি অশোকৰ ঘৰত আশ্ৰয় লৈ আছিল প্ৰেমিকা যুৱতীগৰাকীয়ে।

পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ পৰিয়াল অশোকৰ ঘৰত উপস্থিত হৈ যুৱতীগৰাকীক জোৰ কৰি নিজৰ সৈতে পুনৰ ঘৰলৈ লৈ যায়।

অন্যহাতে বুধবাৰে নিশাৰ ভাগত অশোকৰ মোবাইল ফোন হঠাৎ চুইটছ অফ অহাত পৰিয়ালৰ মাজত হাহাকাৰ লগে।

photo1670323098 1
পাশৱিক! ভালপোৱাটোৱেই অপৰাধ হ’ল অশোকৰ, ব্লেডেৰে কাটি শৰীৰত নিমখ-জলকীয়াৰ গুড়ি সানি প্ৰেয়সীৰ পৰিয়ালে চলালে নিৰ্মম অত্যাচাৰ… 2

অশোকক বিচাৰি পৰিয়ালৰ লোকে বিচাৰ খোচাৰ চলাই থকাৰ সময়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ স্বগৃহত উপস্থিত হয় যুৱকজনক। যাৰ পিছত পৰিয়ালৰ লোকে তেওঁক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱায়।

অশোক ৰবিদাসে জানিবলৈ দিয়া মতে, প্ৰেয়সীৰ ভাতৃকে ধৰি ১০-১২ জনীয়া এটা দলে তেওঁক উঠাই লৈ গৈ নিৰ্জন স্থানত গুৰুতৰভাৱে মাৰপিট কৰে।

কঁকালৰ বেল্ট খুলি মাৰধৰ কৰাৰ লগতে কাঁচৰ বটল ভাঙি তাৰেও অশোকৰ ওপৰত অত্যাচাৰ চলায় দলটোৱে।

তদুপৰি ব্লেডেৰে অশোকৰ সৰ্বশৰীৰত কাটি নিমখ আৰু জলকীয়াৰ গুড়ি সানি দি পাষৱিক অত্যাচাৰ চালয় প্ৰেমিকাৰ ভাতৃ আৰু দলটোৱে।

ইপিনে পৰিয়ালৰ লোকে ইতিমধ্যে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।