ৰাষ্ট্ৰীয়অসমীয়া

সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত সেনা বিষয়াসহ ৪ জোৱান শ্বহীদ, আহত ৪

নিউজ ডেস্ক। সোমবাৰে পুৱা জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘৰ্ষৰ।

সংঘৰ্ষত এজন সেনা বিষয়া আৰু আন চাৰিজন জোৱান নিহত হয়।

চুৰানকোট অঞ্চলত কমেও চাৰিৰ পৰা পাঁচজন সশস্ত্ৰ সন্ত্ৰাসবাদীৰ সৈতে এই প্ৰচণ্ড সংঘৰ্ষ হয়। যিকেইজন সন্ত্ৰাসবাদী সদস্য কেইদিনমান পূৰ্বে দেশত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা যায়।

সেনাৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ উপস্থিতি সম্পৰ্কে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছত পুৱতি নিশা ডেৰা কি গালিৰ ওচৰৰ এখন গাঁৱত বিদ্ৰোহ বিৰোধী অভিযান আৰম্ভ কৰা হৈছিল।

navbharat-times

সেই সময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে অনুসন্ধানকাৰী দলৰ ওপৰত গুলীচালনা কৰে। যাৰ ফলত এজন জুনিয়ৰ কমিছনড অফিচাৰ (জেচিঅ’) আৰু আন চাৰিজন জোৱান ভয়ংকৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হয়।

তেওঁলোকক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও নিহত হয়।

এজন প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা অনুসৰি, চামৰেৰ বনাঞ্চলত সশস্ত্ৰ সন্ত্ৰাসবাদীৰ এটা দল থকাৰ বিষয়ে খবৰ পোৱা গৈছিল। কিছুদিন পূৰ্বে তেওঁলোকে গোপনে নিয়ন্ত্ৰণ ৰেখাৰ অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।

বৰ্তমান সন্ত্ৰাসবাদী পলায়ন কৰিব পৰা সকলো পথ বন্ধ কৰিবলৈ অঞ্চলটোলৈ শক্তিশালী কৰ্তৃপক্ষ প্ৰেৰণ কৰা হৈছে।

FBba58a-Uc-AADx07

উল্লেখ্য যে, শেহতীয়া সপ্তাহবোৰত কাশ্মীৰ উপত্যকাত বৰ্ধিত সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু পাকিস্তানৰ সৈতে নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘনৰ মাজত এই ঘটনা সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *