ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ।
২০২৩ বৰ্ষত পিতৃ-মাতৃৰ বন্দনাৰ বাবে পাব দুদিনৰ বিশেষ ছুটী।
বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰা হৈছে।
২০২৩ বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰিত কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।
পিতৃ-মাতৃক শুশ্রূষাৰ দিন ঘোষণা চৰকাৰৰ
এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্নমে এখন জাননী জাৰি কৰি এই বিশেষ কেজুৱেল লীভ গ্রহণ কৰিব খোজা চৰকাৰী কৰ্মচাৰীসকলক https://matripitrivandana.assam.gov.in পৰ্টেলত গৈ আনুষ্ঠানিকভাৱে আবেদন কৰিবলৈ আহ্বান জনাইছে।
ইয়াৰ বাবে যাৱতীয় এছঅ পি আৰু গাইডলাইন পৰ্টেলত উপলব্ধ বুলি জাননীখনত উল্লেখ কৰা হৈছে।
এই বিশেষ ছুটী দিন দুটাৰ পাছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১১ আৰু ১২ ফেব্ৰুৱাৰিত পাব চৰকাৰী বন্ধ। ১১ ফেব্ৰুৱাৰি মাহৰ দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰি দেওবাৰ উপলক্ষে বন্ধ পাব কৰ্মচাৰীসকলে। অৰ্থাৎ ৰাজ্যিক কৰ্মচাৰীসকলে একেলগে চাৰিটা দিন বিশেষ ছুটি লাভ কৰিব।
উল্লেখ্য, বিগত বৰ্ষৰ ৬ আৰু ৭ জানুৱাৰীৰ দিন দুটা পিতৃ-মাতৃ তথা শাহু-শহুৰৰ সৈতে কটাবৰ বাবে প্ৰথমবাৰৰ বাবে মাতৃ-পিতৃ বন্দনা দিন হিচাপে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
এই দুটা দিন বিশেষ কেজুৱেল লীভ লাভ কৰা ৰাজ্যিক কৰ্মচাৰীসকলক পিতৃ-মাতৃ তথা শাহু-শহুৰৰ সৈতে কটোৱা সময়ৰ ফটো প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
অৱশ্যে বিগত বৰ্ষত চৰকাৰৰ এই আঁচনিৰ অধীনত পিতৃ-মাতৃৰ শুশ্রূষাৰ বাবে বিশেষ ছুটি ল’বলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল ৰাজ্যৰ বুজনসংখ্যক চৰকাৰী কৰ্মচাৰীয়ে।
এই আঁচনিখন বাধ্যতামূলক নহয়, ইচ্ছুক চৰকাৰী কৰ্মচাৰীসকলেহে ইয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰে।









