আজি অসম দিৱস, বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফালৈ সশ্ৰদ্ধ প্ৰণিপাত…

আজি অসম দিৱস।

বৰ অসম গঢ়াৰ ক্ষেত্ৰত চ্যুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই আজি সমগ্ৰ অসমজুৰি পালন কৰা হ’ব অসম দিৱস।

৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ প্ৰথম গৰাকী স্বৰ্গদেউ, বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং চ্যুকাফাৰ বীৰত্ব, বিচক্ষণতা তথা অৱদান আজি সমগ্ৰ ৰাজ্যতে সুঁৱৰিব।

স্বৰ্গদেউ চ্যুকাফাক স্মৰণ কৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ’ব চ্যুকাফা দিৱস তথা অসম দিৱস।

image 6
আজি অসম দিৱস, বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফালৈ সশ্ৰদ্ধ প্ৰণিপাত... 2

১২২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোনত চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ ভৰি থৈছিল সৌমাৰ খণ্ডত। সৌমাৰপীঠৰ টিপামত বুঢ়ীদিহিঙেৰে উজাই আহি এখন স্বাধীন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ শুভাৰম্ভ কৰিছিল চ্যুকাফাই।

তাৰ পাছতেই বীৰত্ব আৰু বীচক্ষণতাৰে ৩৯ বছৰ ৪ মাহ ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্য তথা বৰ অসমৰ পাতনি মেলিছিল।