মহানুভৱতা! নিজৰ এক কোটি টকাৰ সম্পত্তি হনুমান মন্দিৰক দান এগৰাকী শিক্ষয়িত্ৰীৰ…

নিউজ ডেস্কঃ নিজৰ ১ কোটি টকাৰ সম্পত্তি এটা হনুমান মন্দিৰলৈ দান কৰি চৰ্চিত হৈ পৰিছে এগৰাকী শিক্ষয়িত্ৰী।

মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ নিৱাসী শিক্ষয়িত্ৰীগৰাকীয়ে উইল প্ৰস্তুত কৰি হনুমান মন্দিৰ ন্যাসলৈ দান কৰে তেওঁৰ সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তি।

জানিব পৰা মতে, শ্বেওপুৰৰ খিতাৰপাল গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী শিৱ কুমাৰী জাদৌনৰ আছে দুজন পুত্ৰও। তেওঁৰ সম্পত্তিৰ দুটা ভাগ কৰি এটা ভাগ দুই পুত্ৰক প্ৰদান কৰাৰ বিপৰীতে বাকী এটা ভাগ হনুমান মন্দিৰ নাসক লিখি দিয়ে।

শিৱ কুমাৰী জাদৌনে মন্দিৰক প্ৰদান কৰা সম্পত্তিৰ ভিতৰত আছে তেওঁৰ ঘৰ, গহনা আৰু বীমা পলিচী।

image 211
মহানুভৱতা! নিজৰ এক কোটি টকাৰ সম্পত্তি হনুমান মন্দিৰক দান এগৰাকী শিক্ষয়িত্ৰীৰ… 2

ইয়াৰ সমান্তৰালকৈ তেওঁ তেওঁৰ মৃত্যুৰ পিছত মন্দিৰৰ ন্যাসৰ হৈ তেওঁক দাহ কৰিবলৈও মন্দিৰ ন্যাসক আহ্বান জনাইছে।

শিৱকুমাৰীয়ে প্ৰস্তুত কৰা উইল অনুসৰি, তেওঁ জীৱিত অৱস্থালৈকে সেই ঘৰত থাকিব আৰু ইয়াৰ পিছত সেই ঘৰ হনুমান মন্দিৰ ন্যাসে লাভ কৰিব।

বাতৰি অনুসৰি, দুই পুত্ৰৰ সৈতে শিক্ষয়িত্ৰীগৰাকীৰ সম্পৰ্ক সিমান ভাল নোহোৱাৰ বাবেই মৃত্যুৰ পিছত তেওঁৰ শেষ ৰীতি-নীতি সম্পন্ন কৰাৰ বাবেও মন্দিৰ ন্যাসক আহ্বান জনাইছে।

ইশ্বৰৰ ওপৰত গভীৰ বিশ্বাস ৰখা এই মহিলাগৰাকীৰ মহানুভৱতাই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।