দিল্লীত অনুষ্ঠিত লাচিত জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
লাচিত বৰফুকনৰ মহান শৌৰ্য পৰাক্ৰমক প্ৰণাম জনায় অসমীয়াতে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়-
‘সমগ্ৰ দেশতে উদযাপন কৰা হৈছে লাচিত বৰফুকনৰ জয়ন্তী।’
‘ভাৰতৰ ইতিহাস গোলামীৰ নহয়, ভাৰতৰ ইতিহাস যোদ্ধা আৰু বিজয়ৰ।’
‘শৰাইঘাটৰ ৰণত দেখুওৱা লাচিতৰ পৰাক্ৰম আছিল অগাধ দেশপ্ৰেম।’
We bow to the valorous Lachit Borphukan on his 400th birth anniversary. He played pivotal role in preserving the culture of Assam. https://t.co/w8eG6BAGby
— Narendra Modi (@narendramodi) November 25, 2022
লগতে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ‘মই লাচিতে কৈছো, মোৰ সঘনাই নাম লোৱা…’ শীৰ্ষক গীতৰ কলিও আওৰালে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
লগতে বিজ্ঞান ভৱনত স্থাপন কৰা আদৰ্শ গাঁও পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান নতুন দিল্লীত উদযাপন কৰিছে।
নতুন দিল্লীৰ বিজ্ঞান ভৱনত তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীৰ আজি সামৰণী অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।









